জটিল ৰোগত আক্ৰান্ত এগৰাকী দৰিদ্ৰ ব্যক্তিৰ কৰুণ বিননি≈≈অৰ্থৰ অভাৱত চিকিৎসা অবিহনে পৰি আছে বিচনাত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ আগষ্টঃ নগাঁৱৰ বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন দুৰ্ভগীয়া ব্যক্তি আজগৰ আলী। পঞ্চাছৰ দেওনা পাৰ নৌ হওঁতেই এই ব্যক্তিজনৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ। কিয়নো অতি দৰিদ্ৰ পৰিয়ালৰ দুই সন্তানৰ পিতৃ এই লোকজন এক জটিল ৰোগত আক্ৰান্ত ৷ কিন্তু অৰ্থৰ অভাৱত কৰিব পৰা নাই প্ৰয়োজনীয় চিকিৎসা ৷ ফলত চিকিৎসা অবিহনে পৰি আছে বিচনাত ৷ আচলতে, প্ৰায় দুবছৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল কাঠ মিস্ত্ৰী হিচাপে জীৱিকা নিৰ্বাহ কৰা আজগৰ আলী ৷ নগাঁও আৰু গুৱাহাটীৰ লগতে শ্বিলঙটো চিকিৎসা সেৱাত খৰছ কৰে সকলো সাঁচতীয়া ধন। পিছে চিকিৎসাই কোনো ফল নধৰাত লাহে লাহে বেমাৰৰ বিভিন্ন উপসৰ্গ দেখা দিবলৈ ধৰে ব্যক্তিজনৰ দেহত। আনকি অৰ্থৰ অভাৱত চিকিৎসাৰ কাষ চাপিব নোৱাৰাত লাহে লাহে শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিব ধৰে ৷ ফলত এতিয়া নিজৰ বিচনাখনকেই একমাত্ৰ সাৰথি হিচাপে লৈ কোনোমতে জীয়াই আছে দুৰ্ভগীয়া আজগৰ আলী । ইফালে, দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আজগৰ আলী এনেদৰে শয্যাশায়ী হৈ পৰাত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। সেয়ে দুৰ্ভগীয়া এই পৰিয়ালটোক এতিয়া লাগে হৃদয়ৱান লোকৰ এধানি সহাঁৰি ৷ লাগে সহায়ৰ হাত ৷ যাতে এনে সহায়ৰ দ্বাৰা ব্যক্তিজন পুনৰাই ঘূৰি আহিব পাৰে সুস্থ অৱস্থালৈ। তদুপৰি দৰিদ্ৰ পৰিয়ালটোলৈ নামি আহে এচমকা উজ্বল পোহৰ ৷ গতিকে কোনোদিনেই কোনো চৰকাৰী আচঁনি অথবা চৰকাৰী কোনো চিকিৎসা আচঁনিয়েই ঢুকি নোপোৱা দুৰ্ভগীয়া আজগৰ আলীক কোনো হৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে তেওঁৰ ভাৰতীয় ষ্টেট বেংকৰ খুটিকটিয়া শাখাত থকা 39003952062 একাউন্ট নম্বৰত সহায়ৰ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোয়ে ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা