ৰাজ্যৰ ২য় নদী-দ্বীপ চিকমত উপস্থিত চৰকাৰী বিষয়া কৰ্মচাৰীৰ দল

#ৰাজ্যৰ ২য় নদী-দ্বীপ চিকমত উপস্থিত চৰকাৰী বিষয়া কৰ্মচাৰীৰ দল৷

#নদী-দ্বীপ “চিকম” অনাগত সময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ সম্ভাৱনা৷Photo(2)

জামুগুৰিহাট,১১ আগষ্ট:জীয়াভৰলী নদীৰ চৌপাশৰ পানীৰ মাজত অৱস্থিত জামুগুৰিহাটৰপৰা প্ৰায় ২৫ কি:মি: নিলগত থকা প্ৰায় ১৮২৫ বিঘাৰোধিক মাটিৰে আগুৰি থকা এটি নদ্বী-দ্বীপ চিকম৷এই চিকমতেই বহুবছৰ ধৰি বসবাস কৰি আহিছে এশৰো অধিক মিচিং সম্প্ৰদায়ৰ পৰিয়ালে৷প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নদুৱাৰ ৰাজহ চক্ৰৰ পুৰণি বৰদিকৰাই লাটৰ অন্তৰ্গত  মাজুলীসদৃশ নদ্বী-দ্বীপ “চিকম”ৰ বাতৰি প্ৰথমবাৰৰ বাবে  নিয়মীয়া বাৰ্তাত প্ৰকাশ পোৱাৰ পিছতেই যাতায়ত,স্বাস্থ্য,বিদ্যুত,নদীৰ গৰাখহনীয়াকে আদি কৰি সকলো দিশতে পিছপৰা সমস্যাজৰ্জৰ কৃষিপ্ৰধান নদী-দ্বীপটোত প্ৰথমবাৰৰ বাবে উপস্থিত হ’লহি চৰকাৰী বিষয়া কৰ্মচাৰীৰ এটি দল৷মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধিনস্থ আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত নদীদ্বীপটোলৈ বুলি নাঁৱৰে যাত্ৰা কৰি নদী-দ্বীপ চিকমত উপস্থিত হোৱা চৰকাৰী বিষয়া কৰ্মচাৰীৰ দলটোক মিচিং সম্প্ৰদায়ৰ মহিলাসকলে সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰে আদৰি অনাৰ লগতে নদী-দ্বীপ “চিকম”ৰ ভূমিখণ্ডত ৰাইজৰ উপস্থিতিত এখন সভাও অনুষ্ঠিত হয়৷এই সভাতেই চৰকাৰী বিষয়াসকলে “চিকম”ৰ সমস্যা সমুহৰ বুজ লোৱাৰ লগতে সেই সমস্যাসমুহ সমাধান কৰি গাঁওখনৰ বাসিন্দাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ লগতে অনাগত দিনত এই “চিকম” অঞ্চলটিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰো পৰিকল্পনা কৰে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি আৰু নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া পলক কুমাৰ শৰ্মাই৷ৰাজ্যৰ দ্বিতীয় নদী-দ্বীপটোৰ নামাকৰণৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই “চিকম”ত প্ৰথমবাৰৰ বাবে এইদৰে চৰকাৰী বিষয়া কৰ্মচাৰীৰ দল উপস্থিত হোৱাত চিকমবাসী যথেষ্ট আনন্দিত হৈ পৰাৰ লগতে “চিকম” অঞ্চলৰ ১০৬ বছৰীয়া বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷বছৰ বছৰ ধৰি সকলো দিশতে সমস্যাৰে জৰ্জৰিত চিকমবাসীয়ে এইবেলি বছৰ বছৰ ধৰি ভোগ কৰি অহা সমস্যাসমুহ সমাধান হোৱাৰ যথেষ্ট আশা কৰিছে৷পুৰুষৰ সমানেই মহিলাসকলো ধান,সৰিয়হ,তিল,খেতিৰ লগতে গাহৰী পালন,হাঁহ-মূৰ্গী পালন কৰি জীৱিকা অৰ্জন কৰাৰ লগতে পৰিয়াল পোহপালনত আগভাগ লোৱা সহজ সৰল “চিকম”ৰ মিচিং লোকসকলে চাফচিকুনতাৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে৷প্ৰতেক্যৰে ঘৰৰ পদুলিত বাঁহৰ ডাচবিন থকাৰ লগতে মিচিং লোকসকল থকা চাং ঘৰৰ সন্মুখত তথা চোতালতো ডাচবিন ব্যৱহাৰ কৰা দেখা পোৱা গৈছে৷বৰ্তমানো প্ৰচাৰৰপৰা বহু দুৰৈত থকা ৰাজ্যৰ দ্বিতীয় নদী-দ্বীপখ্যাত “চিকম” অঞ্চলটিক লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই অসংখ্য লোকৰো আগমণ ঘটিছে জীয়াভৰলীৰ বক্ষৰ চৌদিশৰ পানীৰ মাজত অৱস্থিত অঞ্চলটিলৈ৷ইতিমধ্যে “চিকম” অঞ্চলটিত অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে আত্মসহায়ক গোট গঠণ কৰি উৎপাদনমুখী কামকাজত চিকমবাসীক মনোনিৱেশ কৰিবৰ বাবেই প্ৰথমাৱস্থাতেই নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে ২০ লাখ টকাৰ সাহাৰ্য দিয়াৰ বাবেও চিন্তাচৰ্চা কৰিছে ৷আশা কৰা হৈছে অনাগত সময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ যথেষ্ট থল থকা এই নদী-দ্বীপটোয়ে চৰকাৰৰ সু-দৃষ্টিত ৰাজ্যখনৰ লগতে বিশ্বব্যাপী জিলিকি উঠিব৷উল্লেখ্য যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশত চিকমলৈ ৰাওনা হোৱা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা,উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰ,মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৬ নং জীয়াভৰলী সমষ্টিৰ সাধাৰণ সদস্য ৰাজু চিন্তে,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েংকে ধৰি কেবাজনো বিষয়ববীয়াও একেলগে যাত্ৰা কৰে৷

জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা