সংসদ বিধানসভাত শিশুসুলভ আচৰণ কৰা কংগ্ৰেছী বিধয়াকক কিয় লাগে বিধানসভাৰ অধিৱেশন : ৰাজ্যিক বিজেপি

বিৰােধী দলপতিক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে
সংসদ বিধানসভাত শিশুসুলভ আচৰণ কৰা কংগ্ৰেছী বিধয়াকক কিয় লাগে বিধানসভাৰ অধিৱেশন?
গুৱাহাটী, ৩০ আগষ্ট, ২০২১ ঃ বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰা বিৰােধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে। সংসদ আৰু বিধানসভাৰ মজিয়াত শিশুসুলভ আঁচৰণেৰে গণতান্ত্রিক তথা সংসদীয় পৰম্পৰা ভূলুণ্ঠিত কৰি কাললৈ কুখ্যাতি অর্জন কৰা কংগ্ৰেছী নেতাৰ মুখত সংসদ বা বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী শােভা নাপায়। সংসদৰ বর্ষাকালীন অধিৱেশনত অতি দাম্ভিকতাৰ পৰিচয় দি কংগ্ৰেছ দলৰ সাংসদসকলে যি অগণতান্ত্রিক, অসহিষ্ণু আৰু উশৃংখল আচৰণ প্ৰদৰ্শন কৰিলে সেয়া দেশৰ সচেতন জনতাই মনত ৰাখিছে আৰু ইয়াৰ উত্তৰাে কংগ্ৰেছী নেতাসকলে সময়ত পাব। আজি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ
হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত সাংবাদিকৰ আগত এইদৰে বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্ত আৰু কল্যান গগৈয়ে কয়, বিগত অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনৰ সময়ছােৱাত কংগ্ৰেছ দলৰ বিধায়কসকলে ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ পৰিৱতে অসমৰ
জন জীৱনৰ বাবে কম গুরুত্বপূর্ণ কিছুমান বিষয়ত অহেতুক বির্তকৰ সূচনা কৰি পবিত্র বিধানসভাৰ সময়ৰ অপব্যয় কৰাটো বিৰােধী দলপতি হিচাপে তেওঁ দায়িত্ব মূৰ পাতি লােৱা উচিত। বিধানসভাৰ মজিয়াত অধ্যক্ষ বিশেষ
পদক্ষেপ হিচাপে এটা দিন ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ ওপৰত আলােচনা কৰাৰ বাবে ব্যৱস্থা কৰা হৈছিল, সেই দিনটোত বিদ্যুৎ খণ্ডৰ কথা হওতে নদী বান্ধৰ কথা বতৰা বিলাকো তাত চর্চা কৰাৰ অৱকাশ আছিল। কংগ্ৰেছ দলৰ
অভ্যন্তৰত চলি থকা কন্দলত ব্যস্ত হৈ থাকোতে হয়তু বিৰােধী দলপতি দেবব্রত শইকীয়া আৰু তেওঁৰ বিধায়কসকলে হয়তু বিষয়টো যেনেধৰণে উত্থাপন কৰিবৰ কাৰণে সুযােগ গ্রহণ কৰিব লাগিছিল, সেইক্ষেত্ৰত
তেওঁলােক নিজেই ব্যর্থ হ’ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ এশ দিন সম্পূর্ণ কৰা চৰকাৰখনৰ জনপ্রিয়তাত ঈর্ষান্বিত হৈ বিৰােধী দলপতি গৰাকীয়ে বিৰােধী দলপতি হিচাপে তেওঁলােকৰ ব্যর্থতা ঢাকিবলৈ বিৰােধী দলপতি গৰাকীয়ে এতিয়া বানপানী বাঢ়ি অহাৰ লগে লগে আগতে মনত নপৰা দুই এক
কথা উত্থাপন কৰিছে। মুখপাত্রদ্বয়ে কয়, মহিলা সম্পর্কীয় অপৰাধ ৰােধ কৰিবৰ বাবে চৰকাৰখন দৃঢ় সংকল্পৱদ্ধ।
ফাট্রেক আদালতত বিচাৰ কৰি এনে অপৰাধীক কম দিনৰ ভিতৰতে শাস্তি দিয়াৰ উদাহৰণ বিজেপি চৰকাৰেহে সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত কংগ্ৰেছৰ পৰা নীতি শিক্ষাৰ প্ৰয়ােজন নাই বুলি উল্লেখ কৰি মুখপাত্রদ্বয়ে ভাল পৰামর্শ থাকিলে বিৰােধী দলপতিজনে মাননীয় মুখ্যমন্ত্ৰীলৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে। তাকে নকৰি বিৰােধী দলপতিজনে অহেতুক বিতর্ক সৃষ্টি কৰি ৰাজনৈতিক চমক সৃষ্টিৰ যি অপচেষ্টাত লিপ্ত হৈছে সেয়া সুস্থ গণতান্ত্রিক পৰম্পৰাৰ পৰিপন্থী। বর্তমানলৈকে ডেৰকোটিতকৈও অধিক ভেকচিন অসমৰ ৰাইজক প্ৰদান কৰা
হৈছে আৰু অচিৰেই সকলাে শ্ৰেণীৰ ৰাইজে ভেকচিন লাভ কৰিব। বিৰােধী দলপতি হিচাপে তেখেতৰ দলে অপ প্রচাৰৰ পৰিৱতে ভেকচিন প্রদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযােগ কৰিবলৈ ৰাজ্যিক বিজেপিৰ মুখপাত্রদ্বয়ে আহ্বান জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা