ডিমাকুছিত গছ পৰি যুৱকৰ কৰুণ মৃত্যু

*ডিমাকুছিত গছ পৰি যুৱকৰ কৰুণ মৃত্যু* 

পৱন নাথ

ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত বৰঙাজুলিখুটি ডমৰাবস্তিত গছ পৰি এজন যুৱকৰ কৰুণ মৃত্যু ঘটে ৷ প্ৰাপ্ত তথ্যমতে গাঁওখনৰ মঙ্গৰু কৰ্মকাৰৰ পুত্ৰ ৰাজেশ কৰ্মকাৰে(৩৫) সোমবাৰে দুপৰীয়া গছৰ তলত জিৰনী লৈ থকা সময়তে বৃহৎ পাকৰি গছডাল ভাঙি যুৱকজনৰ ওপৰত পৰি যায় ৷ গছৰ খুন্দাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে ৷ নদীৰ মাছ বিক্ৰী কৰি দুটি এমা ডিমা সন্তানৰ সৈতে পৰিয়াল পোহপাল দিয়া ৰাজেশৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ৷ জানিব পৰা মতে পথৰ দাঁতিত থকা বৃহৎ পাকৰি গছ ডাল টেক বাহাদুৰ চুব্বা নামৰ লোকজনে গুৰিটো আধা কাটি থৈ দিছিল ৷ পিছত গছৰ গুৰিতো ক্ৰমাৎ পচিবলৈ ধৰাত আজিৰ এই শোকাবহ ঘটনাতো সংঘটিত হ’য় ৷


৯/আগষ্ট/২০২১

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা