দলংঘাটত বিধায়িকা শিৱামনি বৰাৰ উপস্থিতিত অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ NSUI ত যোগদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ আগষ্টঃ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট ব্লক যুৱ কংগ্ৰেছ আৰু বটদ্ৰৱা সমষ্টি NSUI তৰফৰ পৰা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷ দেওঁবাৰে সমষ্টিটোৰ জাজৰিৰ শিমলুতলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত বিধায়িকাগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠন দুটাৰ নেতা-কৰ্মীসকলে ৷ উক্ত অনুষ্ঠানত দলংঘাট ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা, তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ নাথ বৰদলৈ, যুৱ কংগ্ৰেছৰ বটদ্ৰৱা সমষ্টি সাধাৰণ সম্পাদক পৰাগজ্যোতি কলিতা, দলংঘাট ব্লক যুৱ কংগ্ৰেছৰ সভাপতি পল্লৱ ডেকা, দলংঘাট ব্ল’ক ইয়ং ব্ৰিগেডৰ সভাপতি গৌতম শইকীয়া, বটদ্ৰৱা সমষ্টিৰ NSUI ৰ সভাপতি ত্ৰিনয়ন বৰুৱা, মহিলা কংগ্ৰেছৰ জোনালী শইকীয়াকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে বিধায়িকা শিৱামনি বৰাৰ উপস্থিতিত হাতীচোং অঞ্চলৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইত যোগদান কৰে বুলি জানিব পৰা গৈছে ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা