বটদ্ৰৱা থানত পবিত্ৰ ভাদ মাহৰ পৰম্পৰাগত ওঠৰ প্ৰসংগৰ বাবে সাজু ভকত-বৈষ্ণৱ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ আগষ্টঃ আজি শাওন মাহৰ সংক্ৰান্তি ৷ কাইলৈৰ পৰা শুভাৰম্ভ ঘটিব অতিকে পবিত্ৰ ভাদ মাহৰ ৷ সেয়ে হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমিৰ আকাশ-বতাহ। ক'ভিড প্ৰট'কলৰ মাজেৰে অনুষ্ঠিত কৰা হব পবিত্ৰ ভাদ মাহৰ পৰম্পৰাগত ওঠৰ প্ৰসংগৰ অনুষ্ঠান। স্মৰ্তব্য যে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি, শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ, নন্দ উৎসৱ আৰু বৈকুন্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ চৰ্চা পৃথিৱীত এই পবিত্ৰ ভাদ মাহতে আৰম্ভণি ঘটিছিল ৷ গতিকে ভাদ মাহ প্ৰতিজন ভকত-বৈষ্ণৱৰ বাবে বৰ আপোন। ইফালে, পৰম্পৰা অনুসৰি ভাদমাহৰ ওঠৰ প্ৰসংগৰ লগতে নাম ৰখাৰ বাবে সাজু হৈছে সকলো ভকত-বৈষ্ণৱ ৷ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শ্ৰী শ্ৰী নৰোৱা আৰু শ্ৰী শ্ৰী শলগুৰি এই দুই সত্ৰৰ ভকত-বৈষ্ণৱৰ উপৰিও গায়ন,বায়ন, সূত্ৰধাৰ, নামলগোৱা, পাঠক, দেউৰী, মুক্তিয়াৰ সকলৰ সম্পূৰ্ণ সহযোগত ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত কৰিব ভাদ মাহৰ সকলো ধৰ্মীয় অনুষ্ঠান। ইতিমধ্যে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৰুজনাৰ জন্মভূমিৰ ভকতসকলে পৰিৱেশ নিকা কৰি তুলিছে । আচলতে, পুৱতি নিশাৰ পৰা আৰম্ভ হোৱা ভাদ মাহৰ স্বকীয় তথা মৌলিক প্ৰসংগসমূহে গুৰুজনাৰ পবিত্ৰ জন্মভূমিৰ সত্ৰীয়া কলা-কৃষ্টিৰ বৈভৱময় পৰিৱেশ যুগ যুগ ধৰি গৰিমামণ্ডিত ৰূপত উজ্বলাই ৰাখিছে। তদ্ৰুপ এইবাৰো বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ভাদ মাহ পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । সেয়ে ক'ভিডৰ চৰকাৰী নিৰ্দেশনা ৰক্ষা কৰি তীৰ্থযাত্ৰী দৰ্শনাৰ্থী সকলক বটদ্ৰৱা থানত সেৱা ল'বলৈ অনুৰোধ জনাইছে বটদ্ৰৱা থান পৰিচালনা  সমিতিয়ে।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা