স্বাধীনতা দিৱস উপলক্ষ্যে দ্বাদশ অসম আৰক্ষীৰ চাফাই অভিযান।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত  স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ কুসুমটোলাস্হ দ্বাদশ অসম আৰক্ষী বাহিনীৰ জোৱানসকলে আজি এক চাফাই অভিযান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। অসমৰ অন্যতম শৈৱপিঠ হিচাপে পৰিচিত নাগশংকৰ দেৱালয়ত আজি পুৱা আৰক্ষী বাহিনীৰ প্ৰায় ৫০জন জোৱান উপস্থিত হৈ দেৱালয়খনৰ চৌপাশ এইদৰে চাফ চিকুন কৰে লগতে নাগশংকৰ মন্দিৰৰ  পুখুৰীৰ কাছক শুকান মাছৰ যোগান ধৰে ।পুৱা ৭বজাৰ পৰা ১০ বজালৈ তিনি ঘন্টা ধৰি অসম আৰক্ষীৰ জোৱানসকলে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। 

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা