গোৰেশ্বৰৰ নিজঝাৰগাঁৱত ঈৰদা শিক্ষানুষ্ঠানৰ ভৱন মুকলি

গোৰেশ্বৰৰ নিজঝাৰগাঁৱত ঈৰদা শিক্ষানুষ্ঠানৰ ভৱন মুকলি


,১৬ আগষ্টঃ-

গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ নিকটবৰ্তী নিজঝাৰগাঁৱত 'ঈৰদা' নামৰ এখন শিক্ষানুষ্ঠানৰ বিদ্যালয় ভৱন আনুষ্ঠানিক ভাবে কালি মুকলি কৰা হয় ৷ ভাৰতৰ ৭৫ তম্ বাৰ্ষিক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখন আনুষ্ঠানিক ভাবে মুকলি কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী বিপিন চন্দ্ৰ কেওটে ৷ অনুষ্ঠান উপলক্ষে দিনৰ ১১ বজাত পৰিচালনা সমিতিৰ সভাপতি খগেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন আলোচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দিগন্ত কলিতাই ৷ সভাখনত মূখ্য অতিথি হিচাপে ঈৰদা'ৰ সঞ্চালক মণ্ডলীৰ অন্যতম সঞ্চালক মাকনি বৰ্মনে ভাষণ প্ৰসঙ্গঁত কয় গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অন্তৰ্ভূক্ত বিশেষকৈ সমাজৰ প্ৰতিবন্ধী আৰু বিশেষ ভাবে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়ণৰ মূল শিক্ষানুষ্ঠান 'ঈৰদা' শিক্ষানুষ্ঠানখনত চলিত শিক্ষাবৰ্ষৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে ৷ উল্লেখ্যযে একাদশ আৰু স্নাতক মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ণ কৰিব পৰাকৈ শিক্ষানুষ্ঠানখনত অসমীয়া,বড়ো,নেপালী,ইংৰাজী,অৰ্থনীতি বিজ্ঞান,ৰাজনীতি বিজ্ঞান,বুৰঞ্জী,কম্পিউতাৰ বিজ্ঞান,দৰ্শন,শিক্ষা মনোবিজ্ঞান,সমাজতত্ব,কলাতত্ব,পৰিবেশ বিজ্ঞান,বাণিজ্য,মাছকমিউনিকেচন আদি বিষয় সমূহ সংলগ্ন কৰা হৈছে বুলি কয় ৷ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ নৱ নিযুক্ত শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগত বিভিন্ন বিষয়ৰ মত বিনিময় কৰে ৷ অনুষ্ঠানৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে সঞ্চালক মাকনি বৰ্মনে ৷ ইয়াৰ পিচতে শিক্ষানুষ্ঠানৰ চৌহদত বৃক্ষৰোপন কৰে পৰিচালনা সমিতিৰ সভাপতি খগেন কলিতা, সমাজ কৰ্মী কমলেশ্বৰ ৰাজবংশী,গজেন বেজবৰুৱা,ধৰ্মেশ্বৰ হালৈ আৰু ৰমেন ডেকাই ৷ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষানুষ্ঠানখনত নাম ভৰ্তিৰ বাবে ৯১২৭৫৬৭৩৭৬ আৰু ৯৯৫৪০৫৬৪৮৮ ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে ৷

প্ৰেৰক নাওকাটা ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা