বোকাখাতত শিপিনীৰ মাজত উৰামাকো তাঁতশাল তথা ইয়াৰ্ণ পাছবুক বিতৰণ

 বোকাখাতৰ পৰা পলিমা বি চেতিয়া ,২৫ আগষ্টঃ হস্ততাঁত বস্ত্রশিল্প বিভাগ, গোলাঘাটৰ অধীক্ষকৰ কাৰ্যালয়ৰ উদ্যোগত কালি বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰত কৰ্মৰত বোকাখাতৰ বিভিন্ন অঞ্চলৰ ৩৫ গৰাকী শিপিনীলৈ "শিপিনী আয় উপার্জন আঁচনি- ২০২০-২১"ৰ অধীনত উৰা মাকো তাঁতশাল বিতৰণ কৰা হয়। বোকাখাত মহকুমা উদ্যোগ বিভাগৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এই তাঁতশাল বিতৰণ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ। মহকুমাধিপতি ডাঃ যাদৱে স্থানীয় শিপিনী সকলৰ পাৰদৰ্শিতাৰ ভূয়সী প্রশংসা কৰাৰ লগতে অসমৰ বাহিৰত শিপিনী সকলে বৈ উলিওৱা সামগ্ৰীৰ যথেষ্ঠ চাহিদা থকা বুলি উল্লেখ কৰে। শিপিনী সকলক সচৰাচৰ বৈ থকা পৰম্পৰাগত সামগ্ৰীসমূহৰ লগত কিছু নতুনত্বৰ সংযোজন কৰি বজাৰ দখল কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। স্থানীয় শিপিনীসকলৰ সামগ্রিক উন্নয়নৰ বাবে মহকুমা প্রশাসন আৰু হস্ততাঁত বস্ত্রশিল্প বিভাগ সদায়ে তৎপৰ বুলিও মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে। হস্ততাঁত -বস্ত্ৰশিল্প বিভাগ, গোলাঘাটৰ অধীক্ষক ফকৰুদ্দিন আহমেদে সভাত উপস্থিত শিপিনীসকলক ধৈৰ্য্য সহকাৰে মনোযোগ দি কাম কৰাৰ লগতে যিকোনো ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনায়। আজিৰ এই তাঁতশাল বিতৰণ কাৰ্য্যসূচীতে ম'হপৰা হস্ততাঁত-বস্ত্রশিল্প আদৰ্শ গাওঁৰ ১০ গৰাকী শিপিনীলৈ ইয়ার্ণ পাছবুক বিতৰণ কৰা হয়। আজিৰ সভাত বোকাখাত মহকুমা উদ্যোগ বিভাগৰ অধীক্ষক জয়দ্বীপ বৰা, সমাজ সেৱিকা ৰীতা তালুকদাৰ প্রমুখ্যে বোকাখাতৰ স্থানীয় শিপিনীসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা