জামুগুৰিহাটৰ পৰা ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ ৰাওনা হ'ল মহিলা

# জামুগুৰিহাটৰ পৰা  ট্ৰেক্টৰ চলাই ছিপাঝাৰৰ গৰুখুটিলৈ কৃষি কৰ্মলৈ  ৰাওনা হ'ল মহিলা।

 যি সময়ত আফগানিস্তানত মহিলা সকলে গোৰ্খা পিন্ধা আৰম্ভ কৰিছে  সেই সময়ত অসমৰ যুৱতীয়ে টেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাৱে আগবাঢ়িছে ৷ এই দৃশ্য চতিয়া সমষ্টিৰ নাগশংকৰত ৷ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা এইদৰে একাংশ যুৱতীয়ে টেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই খেতি কৰিব এই সকল যুৱতীয়ে ৷ ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ মেচিনাৰী ফ্ৰামত ট্ৰেক্টৰৰ লগতে বিভিন্ন মেচিনেৰী সামগ্ৰীৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাৱে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শুক্ৰৱাৰে এইদৰে প্ৰশিক্ষিত মহিলা সকলক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত ৰাজহুৱা সম্বৰ্দ্ধনা জনাই গৰুখুটিলৈ প্ৰেৰণ কৰে বিধায়ক পদ্মই ৷

জামুগুৰিহাটৰ পৰা জোন বৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা