উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ আৰু ১০০ খন নতুন স্বাস্থ্য সেৱা কেন্দ্র

উত্তৰ পুর্বাঞ্চলত আয়ুস ব্যৱস্থা সমুহৰ উন্নয়ণৰ বাবে অভিলাষী আঁচনি গ্রহণ
* উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ বাবে ১০০০ স্বাস্থ্য আৰু কুশলকেন্দ্ৰ আৰু ১০০ খন নতুন স্বাস্থ্য সেৱা কেন্দ্র।
* গােৱালপাৰাৰ দুধনৈত নতুন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপন বাবে ৭০ কোটীৰ আর্থিক পেকেজ ঘােষণা।
*গুৱাহাটীৰ আয়ুর্বেদিক মহাবিদ্যালয়ক উন্নত পয্যায়লৈ পৰ্য্যবেক্ষিত কৰাৰ বাবে ১০ কোটী টকাৰ আর্থিক অনুদান।


গুৱাহাটীঃ- ২৮ আগষ্ট ঃ উত্তৰ পূৰ্বাঞ্চলত ঔষধী গুণযুক্ত ভেষজ দ্রব্যৰ উন্নয়ণৰ ক্ষেত্ৰত কেতবােৰ অভিলাষী আঁচনিৰ কথা
আজি বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে ঘােষণা কৰে। উত্তৰ পুর্বাঞ্চলত আয়ুস পদ্ধতি সমুহৰ উন্নয়ণৰ বাবে আয়ুস আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ স্বাস্থ্যমন্ত্ৰী সকলৰ উপস্থিতিত আজি ইয়াৰ প্ৰশাসনীয় পদাধিকাৰী প্রতিষ্ঠানত অনুষ্ঠিত অভিবর্তন খন আৰম্ভণিতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাই উদ্বোধন কৰে। অনুষ্ঠানত মহিলা আৰু শিশু উন্নয়ন আৰু আয়ুস বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ড° মুঞ্চপাৰা মহেন্দ্রভাই কালুভাই আৰু অসম, নাগালেণ্ড আৰু ছিকিমৰ স্বাস্থ্যমন্ত্ৰী সকলৰ ওপৰি জ্যেষ্ঠ বিষয়ববীয়া তথা উদ্যোগীক মুৰব্বী সকল উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চলৰ আয়ুস পদ্ধতি সমুহৰ বিকাশ আৰু উন্নয়ণৰ বাবে ৰাষ্ট্ৰীয় আয়ুস মিচন আঁচনিৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্রান্তত ১০০ৰাে অধিক নতুন স্বাস্থ্য আৰু যতন কেন্দ্র মুকলি কৰা হ'ব বুলি অভিবৰ্তনত ঘােষণা কৰা হয়। ইয়াৰ উদ্দেশ্য হ’ল আয়ুস পদ্ধতিত ব্যৱহৃত ঔষধী দ্রব্য সমুহৰ সর্বাত্মক ব্যৱহাৰ। ইয়াৰ বাবে দেশত সৰ্বমুঠ ১২,৫০০ স্বাস্থ্য আৰু যতন কেন্দ্র পৰিচালিত হ'ব।
আয়ুস মন্ত্রালয়ে যােগান ধৰা ভেষজ আৰু পৰম্পৰাগত ঔষধী দ্রব্য সমুহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১০০ টা আয়ুস স্বাস্থ্য কেন্দ্র স্থাপন কৰা হ'ব। অন্যহাতে গােৱালপাৰাৰ দুধনৈত ৭০ কোটী টকা ব্যয় সাপেক্ষে এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােনােৱালে ঘােষণা কৰে। আয়ুস মন্ত্রালয়ে গুৱাহাটীৰ চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়খনক এখন উন্নত তথা অন্যতম আয়ুর্বেদিক কেন্দ্র হিচাপে স্থাপন কৰাৰ বাবে ১০০ কোটী টকাৰ আর্থিক অনুদান আগবঢ়াব বুলিও তেওঁ কয়। অন্যহাতে আজিৰ এই অভিবৰ্তনত উপস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমুহৰ প্রতিনিধী সকলে এই অভিবর্তনত আয়ুস মন্ত্রালয়ক নিজ-নিজ ৰাজ্যত একোখনকৈ নতুন আয়ুস শিক্ষা প্রতিষ্ঠান মুকলি কৰিবলৈ অনুৰােধ জনায়। উত্তৰ পুর্বাঞ্চলত কেঁচামাল সমুহৰ অৰ্ব্বেকভাৱে প্ৰস্তুত কৰি উলিওৱাৰ বাবেও এটা উৎকর্ষসাধন কেন্দ্র স্থাপন কৰাৰ কথা ঘােষণা কৰা হয়।
অন্যহাতে উত্তৰ পুৱৰ ৰাজ্যসমুহত জৈৱ প্রযুক্তি বিভাগৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ সম্পদ প্রতিষ্ঠানৰ সহযােগত আঞ্চলিক কেঁচা ঔষধ পুনৰ প্রতিষ্ঠা (বিজিঅনেল ৰ’ ড্রাগ ৰিপজিটৰী) স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয়।
উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰৰ অধীনত আয়ুস চিকিৎসা সুবিধা সমুহ আৰু আয়ুস মহাবিদ্যালয় সমুহৰ শিক্ষণ চিকিৎসালয় সমুহৰ বিভিন্ন ৰােগ পৰিচালনত আয়ুস স্বাস্থ্য পৰিচালনা তথ্য ব্যৱস্থাৰে ডিজিটেল ডাটা সমুহ উন্নয়ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ উদ্দেশ্য হ’ল আয়ুস পদ্ধতিৰে স্বাস্থ্য ৰক্ষা পদ্ধতি আৰু ৰােগীৰ সেৱা বিষয়ক কাম-কাজ সমুহ দক্ষতাৰে পৰিচালনা কৰা। আয়ুস মন্ত্ৰালয়ৰ অধীনত ইনভেষ্ট ইণ্ডিয়াৰ ষ্টেটেজিক পলিচী আৰু উৎকর্ষ সাধন ব্যুৰুৱে আয়ুসত বিনিয়ােগ কৰিব বিচৰা সম্ভাৱনাপূর্ণ বিনিয়ােগকাৰী লগতে উৎপাদন আৰু সেৱাৰ বাবে উত্তৰ-পূবৰ আন আন কেন্দ্র সমুহকো উৎসাহিত, অনুপ্রাণিত কৰাৰ উপৰি যােগসূত্র স্থাপন কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা