বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত কোচ ৰাজবংশী জনগোষ্ঠীৰ ভিডিঅ এলবাম 'শাওণেৰ বৰঝৰা' ৰ শুভমুক্তি

বঙাইগাঁওঃ ১৩ আগষ্টঃ বঙাইগাঁৱৰ প্ৰগতি দ্যা উইনাৰে প্ৰথমবাৰৰ বাবে প্ৰযোজনা কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ নতুন ভিডিঅ গীতৰ এলবাম 'শাওণেৰ বৰঝৰা'ৰ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত শুভমুক্তি দিয়া হয় ৷ কণ্ঠশিল্পী কুকিল সিংহ ,নৱদীতা ৰায় সিংহ ,বেদান্ত বিৰাজ আৰু চন্দন বৰ্মনে কণ্ঠদান কৰা শাওণেৰ বৰঝৰা ভিডিঅ এলবামটোৰ গীতটি কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ গীতৰ ভিডিঅৰ শুভমুক্তি উপলক্ষে প্ৰেছ ক্লাৱত অনুষ্ঠিত অনুষ্ঠানতৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কে এ চি ৰ সদস্যা সবিতা সিংহই ৷ মনোজ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত ভিডিঅ এলবামটোৰ পোষ্টাৰ মুকলি কৰে কে এ চি ৰ কাৰ্যবাহী পাৰিষদ পূৰবী সৰকাৰে ৷ অনুষ্ঠানত ভিডিঅ এলবামটোৰ লগত জড়িত বিভিন্নজনে বক্তব্য ৰাখে ৷ উল্লেখ্য যে কুকিল সিংহই সংগীত পৰিচালনা কৰা আৰু চিকন্দৰ পাচোৱানে নৃত্য পৰিচালনা কৰা ভিডিঅ এলবামটোৰ গীতত অভিনয় কৰিছে কোচ জিতুল , ৰিণীমা মেধি ,জানভাস্কৰ ,গীতাঞ্জলী  বৰ্মন , সুধাংশু ৰায় , বিতুমণি সিংহ আদিয়ে ৷ আনহাতে গীতৰ কথা মনোজ চৌধুৰী ,চন্দন বৰ্মন ,কুকিল সিংহ আৰু হিমসাগৰ দাদীৰ ৷ অনুষ্ঠানত উপস্থিত থকাসকলে ভিডিঅ এলবামটোৰ গীতটি ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা