মধুচন্দ্ৰিকাৰ অন্ত : বিজেপি-ইউপিপিএল নহয়, কংগ্ৰেছৰ লগত নৱ শৰণীয়া

নলবাৰীত  নব শৰণীয়া - ভূপেন বৰাৰ গোপন বৈঠক ।

 আজি নলবাৰীৰ  আৱৰ্ত ভৱনত গোপন বৈঠকত বহিল দুই নেতা। আগন্তক উপ নিৰ্বাচনত বিটিচিত  কংগ্ৰেছৰ  লগত বুজাবুজি কৰি খেলিব নিৰ্বাচন নব শৰণীয়াই ।নলবাৰীত  এই মন্তব্য  নব শৰণীয়াৰ।  বিটিচিৰ  ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ  লগত বুজাবুজি কৰিব বিচাৰো বুলিও মন্তব্য নব শৰণীয়াৰ। প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন  বৰা বিটিচিৰ অসমীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ বুলিও  মন্তব্য  কৰে নব শৰণীয়াৰ। আনহাতে ভবানীপুৰৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পূৰ্ণ সম্বাৱনা  আছে বুলিও কলে নব শৰণীয়াই। একেদৰে উপ নিৰ্বাচনত বিটিচিত দুখন আসনত গণ সুৰক্ষা দলৰ জয় প্ৰায় নিশ্চিত বুলিও  মন্তব্য  কৰিলে নব শৰণীয়াই । আজি ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গল নব শৰণীয়াক
।ইপিনে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ  মোডীক তীব্ৰ  সমালোচনা কৰিলে  নব শৰণীয়াই । মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে বুলি কোৱাৰ  লগতে নৰেন্দ্ৰ  মোডীৰ  কাৰ্যত সুখী নহয় বুলিও মন্তব্য  কৰে নব শৰণীয়াই। বিৰোধী এক হলে ২৪ - ২৬ ত বিজেপি ধৰাশায়ী হব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে নব শৰণীয়াই ।ইপিনে  উপ নিৰ্বাচনত নব শৰণীয়াৰ  সহায় আৰু পৰামৰ্শ লাগে বুলি মন্তব্য  কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আজিৰ বৈঠক সম্পূৰ্ণ  ৰাজনৈতিক  বুলিও আওপকীয়াকৈ স্পষ্ট  কৰিলে ভূপেন বৰাই । আজি বিটিচিৰ উপ নিৰ্বাচন  সন্দৰ্ভত  আলোচনা কৰা হৈছে বুলি মন্তব্য  কৰি ভূপেন বৰাই  কয় নব শৰণীয়া এগৰাকী অভিজ্ঞ  ৰাজনীতিক । আনহাতে আজি নলবাৰীত অখিল গগৈক তীব্ৰ  সমালোচনা কৰে  ভূপেন বৰাই । নতুন দিল্লীত পিযুষ হাজৰীকাৰ  লগত গোপন বৈঠক বহাৰ পিছত কংগ্ৰেছক সমালোচনা কৰা অখিল গগৈৰ কথাত কংগ্ৰেছে গুৰুত্ব  প্ৰদান  নকৰে বুলি মন্তব্য  কৰে ভূপেন বৰাই ।আগতে কংগ্ৰেছ  চলিছিল ৰাজীব ভৱনৰ পৰা এতিয়া কংগ্ৰেছ  চলিব তৃণমূল কৰ্মীৰ মতামতত বুলিও তাৎপৰ্যপূৰ্ণ  মন্তব্য  কৰে ভূপেন বৰাই ।


নলবাৰী পৰা শংকৰ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা