অলিম্পিক পদক বিজয়ী লাভলীনাক বিশেষ সম্বৰ্ধনা কৰ্মচাৰী পৰিষদৰ

# অলিম্পিক পদক বিজয়ী লাভলীনাক বিশেষ সম্বৰ্ধনা কৰ্মচাৰী পৰিষদৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ আগষ্টঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সদ্য সমাপ্ত টকিঅ' অলিম্পিকৰ বক্সিং ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আজুৰি আনি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঞিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় ৷ এই মৰ্মে, গুৱাহাটীৰ পল্টল বজাৰস্থিত ছাই ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অলিম্পিক পদক বিজয়ী লাভলীনাক পৰিষদৰ হৈ সভাপতি প্ৰদীপ দত্ত, উপ সভাপতি দ্বীপেন শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাস, অন্যতম যুটীয়া সম্পাদক ৰুহুল আমিন, কোষাধ্যক্ষ অৰবিন্দ দাস আৰু কাৰ্যনিৰ্বাহকৰ সদস্য বুবুল বৰাই এনে ঈষণীয় সফলতাৰ বাবে শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি উক্ত অনুষ্ঠানতে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গকো সম্বৰ্ধনা জনাই পৰিষদৰ বিষয়-ববীয়াসকলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা