ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ ৩৫ বছৰেও সম্পূৰ্ণ নোহোৱা এখন ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ কাহিনীয়ে ব্যাপক দুৰ্ভোগত পেলাইছে প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱৰ লোকক

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ ৩৫ বছৰেও সম্পূৰ্ণ নোহোৱা এখন ৩০ বিচনাযুক্ত চিকিৎসালয়ৰ কাহিনীয়ে ব্যাপক দুৰ্ভোগত পেলাইছে প্ৰায় ত্ৰিশখনৰো অধিক গাঁৱৰ লোকক। এই চিকিৎসালয় খন অৱস্থিত সমষ্টিটোৰ তিপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তিপাম ফাকিয়াল গাঁৱত। প্ৰণিধানযোগ্য যে মূলত কৃষিজীৱি লোকৰ বসতিস্থল এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮৬ চনতে তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তদানীন্তন স্থানীয় বিধায়ক কুসুম্বৰ টাইৰাইৰ দিনত আধাৰশিলা স্থাপন কৰা হৈছিল এই চিকিৎসালয় খনৰ। কিন্তু আধাৰশিলা স্থাপনৰ সময়ৰে পৰা যেন কাঁচিনমাত ভুগিছিল চিকিৎসালয় খনে। আধাৰশিলা স্থাপনৰ পৰা ২৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে নিৰ্মান সম্পূৰ্ণ হোৱা চিকিৎসালয়খন কিন্তু আজি পৰ্যন্ত হৈ নুঠিল কায্যক্ষম। ৰাজ্যৰ এসময়ৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী তথা বিধায়িকা প্ৰনতি ফুকন আৰু বিগত কাৰ্যকালৰ মিত্ৰদলৰ বিধায়ক নৰেন সোনোৱালৰ অকৰ্মণ্যতাৰ বাবেই নিৰ্মান সম্পূৰ্ণ হোৱাৰ ১২ বছৰ পিছতো চিকিৎসালয়খন উদ্বোধন নহল। যাৰ ফলত চিকিৎসালয়খনৰ আন্তঃগাঁথনি ভাগি পৰাৰ লগতে বছৰ বছৰ ধৰি চিকিৎসালয়ৰ অভাৱৰ বাবে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৩০ খনৰো অধিক গাঁৱৰ জনসাধাৰণে। এনে প্ৰেক্ষাপটত শাসনাধিষ্ঠ চৰকাৰ খনৰ সদস্য তথা নাহৰকটীয়াৰ কৰ্মপটু যুৱ বিধায়ক তৰংগ গগৈক শীঘ্ৰেই এই চিকিৎসালয় খন উদ্বোধন কৰি কাৰ্যক্ষম কৰি তুলি অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া স্বাস্থ্য জনীত সমস্যাটো দুৰ কৰিবলৈ অনুৰোধ জনাইছে।

নাহৰকটীয়াৰ পৰা গগণ হাজৰিকা, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট । 
২৬/০৮ /২০২১ //

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা