খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা ফুলেশ্বৰী দেৱীক বিদায় সম্বৰ্ধনা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ আগষ্টঃ সদ্য অৱসৰপ্ৰাপ্ত নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা ফুলেশ্বৰী দেৱীক আজি আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ এই মৰ্মে, খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া বিদ্যুত হাজৰিকাই অৱসৰী মুখ্য সেৱিকা ফুলেশ্বৰী দেৱীক শৰাই, ফুলাম গামোছা, অসমীয়া সাজপাৰ আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷ খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্যতম মুখ্য সেৱিকা জোনটি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ পৰিসংখ্যা বিষয়া বিপুল বৰা, মৃণাল কলিতা, মুখ্য সেৱিকা ৰশ্মিৰেখা বৰকাকতি, ৰুলী মনি শইকীয়া আৰু ৰশ্মি শইকীয়াই ফুলেশ্বৰী দেৱীৰ কৰ্মময় জীৱনৰ বিষয়ে আলোকপাত কৰে ৷ অনুষ্ঠানত খাগৰিজান সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা