নগাঁৱত গাঞ্জাসহ ব্যৱসায়ী আটক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ ইয়াৰ মাজতে সোমবাৰে বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন আমলখিৰ ভেটীবাৰীত আৰক্ষীৰ জালত পৰে এটা গাঞ্জা ব্যৱসায়ী ৷ ধৃত গাঞ্জা ব্যৱসায়ীটোৰ নাম হৈছে ৰিয়াজ উদ্দিন ৷ আৰক্ষীয়ে অসাধু ব্যৱসায়ীটোৰ পৰা উদ্ধাৰ কৰে ৪৮০ গ্ৰাম গাঞ্জা ৷ আচলতে এক সূত্ৰৰ খবৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ভেটীবাৰীত গাঞ্জা বিক্ৰীৰ বাবে ঘুৰি ফুৰা অৱস্থাতে স্থানীয় আমছু কৰ্মীৰ সহযোগত আৰক্ষীয়ে হাতে-লুটে কৰায়ত্ত কৰে গাঞ্জা ব্যৱসায়ীটোক ৷ প্ৰায় দুবছৰ ধৰি গোপনে গাঞ্জাৰ বেহা চলাই অহাৰ কথা স্বীকাৰ কৰিছে ধৃত ব্যৱসায়ীটোয়ে ৷ 
======================
 নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ আগষ্টঃ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা