ভাৰতীয় সেনাবাহিনীৰ বিজয় দিৱসৰ সোণালী জয়ন্তীঃগোৱালপাৰা সৈনিক স্কুলত সেনাবাহিনীৰ বিজয় অগ্নি শিখা

ইণ্ডো পাক যুদ্ধজয়ৰ সোণালী বৰ্ষ

-----

১৯৭১ চনত ইণ্ডো পাক যুদ্ধত জয়লাভ কৰা ভাৰতীয় সেনা বাহিনীয়ে উদযাপন কৰিছে সোণালী বিজয় বৰ্ষ ৷ ভাৰতীয় সেনা বাহিনীৰ বীৰত্বৰ চানেকি এই বিজয়ে ৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে সৰ্ণিম বিজয় বৰ্ষ ভিক্টৰী অগ্নিশিখা কঢ়িয়াই সমগ্ৰ দেশ ভ্ৰমিছে ভাৰতীয় সেনাবাহিনীৰ দল এটাই ৷ উল্লেখযোগ্য যে বিগত ২০২০ বৰ্ষৰ ১৬ ডিচেম্বৰত নতুন দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰজ্বলন কৰিছিল এই সোণালী জয়ন্তীৰ বিজয় অগ্নিশিখা ৷
ইতিমধ্যে এই বিজয় অগ্নিশিখা কঢ়িওৱা দলটো প্ৰৱেশ কৰিছে অসমত ৷ কালি ভাৰতীয় সেনাৰ ১২ গ্ৰেণেডিয়াৰ্চ সেনা ইউনিটৰ সহযোগত বিজয় অগ্নিশিখা লৈ অনা হয় গোৱালপাৰা সৈনিক স্কুললৈ ৷  সৈনিক স্কুলত বিজয় অগ্নিশিখা প্ৰৱেশ কৰাৰ পিছতে  সৈনিক স্কুলৰ অধ্যক্ষ এ, মাথুৰামণ সমন্বিতে শিক্ষক-শিক্ষাৰ্থী আৰু সেনা বাহিনীৰ জোৱান সকলে ইণ্ডো-পাক যুদ্ধত জীৱন বলিদান দিয়া ভাৰতীয় সেনাৰ বীৰ জোৱান সকলোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ অনষ্ঠানৰ শেষত বিজয় অগ্নিশিখা লৈ দেশৰ অন্যপ্ৰান্তলৈ গতি কৰে ভাৰতীয় সেনাবাহিনীৰ দলটোয়ে ৷ অনুষ্ঠানত ১২ গ্ৰেণেডিয়াৰ্চৰ চিঅ’ বি চি চৌধুৰীৰ লগতে সৈনিক স্কুলৰ ছাত্ৰ-ছাত্ৰী,শিক্ষকৰ লগতে একাংশ অৱসৰপ্ৰাপ্ত সেনাৰ জোৱানেও অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে সেনাবাহিনীৰ দলটোয়ে বিজয় অগ্নিশিখা কঢ়িয়াই সমগ্ৰ দেশ পৰিভ্ৰমণ কৰি পুনৰ দেশৰ ৰাজধানী নতুন দিল্লীত উপস্থিত হ’ব ৷



কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা