কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ দৰ্শনাৰ্থীৰ বাৱে মুকলি

# কন্যকা কৃষি পামত প্ৰতিষ্ঠা কৰা নামঘৰ দৰ্শনাৰ্থীৰ বাৱে মুকলি ৷
# কন্যকাত নিৰ্মান হব আটক ধূনীয়া বৃদ্ধাশ্ৰম ৷
#ৰাইজৰ মঙ্গলৰ বাৱে নামঘৰত আঠু ললে বিধায়ক পদ্মই ৷

-চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত গঢ়লৈ উঠা ভৰলী পৰীয়া  কন্যকা কৃষি পামত ৰবিবাৰে স্থাপন কৰা নামঘৰত প্ৰতিষ্ঠা কৰা হয় গুৰু থাপনা  ৷ ভৰলী পৰীয়া  কন্যকা কৃষি পাম পৰিদৰ্শন কৰিবলৈ অহা লোক সকলৰ বাৱে এই নামঘৰ প্ৰতিষ্ঠা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ এতিয়াৰে পৰা কন্যকাত সকলো সময়তে এক আধ্যাত্মিক পৰিবেশ চৰ্চ্চাহৈ থাকিব ৷ এক মুকলি পৰিবেশত, মুকলি মনৰে এই স্থানত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত নিজকে বিলিন কৰি দিয়াৰ এক আশ্ৰয় হিচাপে লব পাৰিব ৷ কন্যকাত এখন আটক ধুনীয়া বৃদ্ধাশ্ৰম নিৰ্মানৰো পৰিকল্পনা লোৱা বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ ৰবিবাৰে পূৱা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামঘৰটিত স্থানীয় ভক্তপ্ৰাণ ৰাইজে “থাপনা” প্ৰতিষ্ঠা  কৰাৰ লগতে দুপৰীয়া নামপ্ৰসঙ্গঁ অনুষ্ঠিত কৰে ৷ নামঘৰত আঠুলৈ বিধায়ক গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজৰ মঙ্গল কামনাৰ্থে ৰাইজৰ আৰ্শীৱাদো গ্ৰহণ কৰে ৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা