ৰঙিয়া মহকুমাত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মহকুমাটোৰ বিভিন্ন বিভাগৰ দক্ষ কৰ্মচাৰীক সম্বৰ্ধনা 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ১৫ আগষ্টঃ 

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো আজি কোভিড প্ৰট'কল মানি ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই দিৱস উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিশিষ্ট অতিথি তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল আই.এ.এছয়ে ।পতাকা উত্তোলনৰ পিছতেই বিশিষ্ট অতিথি পালে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ বীৰ-বীৰঙ্গনা সকলৰ প্ৰতি শ্ৰদ্ধা জনাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি-কাৰ্য্যকৰীকৰণৰ লগতে ৰঙিয়া মহকুমাৰ বিভিন্ন বিভাগৰ কাম কাজৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে।ইয়াৰ পিছতে আৰক্ষী আৰু ৰঙিয়া শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰৰ দ্বাৰা পৰিবেশন কৰা বেণ্ড অভিবাদন বিশিষ্ট অতিথি স্বপ্নীল পালে গ্ৰহণ কৰে।আজিৰ সম্বৰ্ধনা অনুষ্ঠানত মুক্তিযোদ্ধা কৃষ্ণ চন্দ্ৰ লহকৰক বিশিষ্ট অতিথি স্বপ্নীল পালে গামোছা আৰু চাদৰেৰে সম্বৰ্ধনা যাচে। আনহাতে ৰঙিয়া মহকুমাত স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত উল্লেখ্যনীয় অৱদান আগবঢ়োৱাৰ বাবে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালৰ লেবৰেটৰী টেকনিচিয়ান বিউটি মনি ডেকা, ফাৰ্মাছিত ৰীনা ভৰালী,ৰঙিয়া মডেল হস্পিতালৰ ফাৰ্মাছিত মইনুল হক চৌধুৰী,লেবৰেটৰী টেকনিচিয়ান আতিকুল আহমেদ,ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পীতাম্বৰ হাটবজালী উপ স্বাস্থ্যকেন্দ্ৰৰ এএনএম.দময়ন্তী ডেকা, দগাওঁ উপ স্বাস্থ্যকেন্দ্ৰৰ এএনএম হিৰণ্ময়ী ডেকা, ধুহি বালিসত্ৰ ৰাজ্যিক ঔষধালয়ৰ লেবৰেটৰী টেকনিচিয়ান ফাতেমা কুছুম বেগম, বাৰংহাটী এমপিএইচচি লেবৰেটৰী টেকনিচিয়ান কুমুদ শৰ্মা, কনিহা ৰাজ্যিক ঔষধালয়ৰ প্ৰাথমিক স্বাস্থ্য কৰ্মী প্ৰদীপ ডেকা, পীতাম্বৰ হাটবজালীৰ এমপিডাব্লিউ ধৰ্মেন্দ্ৰ মেধি,বৰকুকুৰীয়া উপ স্বাস্থ্য কেন্দ্ৰৰ এমপিডাব্লিউ হৰেশ্বৰ দাস, কমলপুৰ চিচিপিৰ এলএইচভি ৰূপা বৰুৱা,কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মধুকুছি উপকেন্দ্ৰৰ এএনএম সব্য ডেকা, শালেদল উপ কেন্দ্ৰৰ এএনএম ৰিনা কলিতা আৰু বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিঙাৰপাৰা এইচ ডব্লিউ চিৰ এমপিডাব্লিউ ধীৰেশ্বৰ নাথক বিশিষ্ট অতিথি তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ উপস্থিতিত  অসম আৰক্ষীৰ (সীমান্ত) উপ আৰক্ষী অধীক্ষক হামিদুৰ ৰহমান,মহকুমাটোৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্য, কেশৱানন্দ টাইড, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা কুমাৰী পাৱে, কঞাঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকা, মহকুমা পঞ্জীয়ন বিষয়া মনজিৎ দাস, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ।আনহাতে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক নিলিমা শৰ্মা, অফিচ পিয়ন গণেশ দৈমাৰী, তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক পবিত্র মেধি, অফিচ পিয়ন মুকুল ডেকাক বিশিষ্ট কৰ্মচাৰী হিচাপে সম্বৰ্ধনা জনোৱা হয়।লগতে সোণেশ্বৰ দক্ষিণ শিঙৰাৰ চৰিত্ৰ শইকীয়া, তিনি নং তিতকুৰিৰ কৈলাশ বড়ো, মৰাণজানা ভৈৰাৰ কন্দৰ্প দাস আৰু গুৰমৌ বেহবাৰীৰ সোণা আলীক শ্ৰেষ্ঠ খেতিয়কৰ সম্বৰ্ধনা জনোৱাৰ উপৰি  সাত নং ৱাৰ্ডৰ ঋষি লহকৰ, নিজ বড়িগোগৰ অপূৰ্ব দাসক প্ৰতিৰোধী বন্ধুৰ সম্বৰ্ধনা জনোৱা হয় আজিৰ এই মহান পবিত্ৰ স্বাধীনতা দিৱসত।ইয়াৰোপৰি উল্লেখ্য যে এইবেলি স্বাধীনতা দিৱসৰ সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত স্থান পোৱা সকলক কোভিড প্ৰট'কল মানি আগতীয়াকৈ সম্বৰ্দ্ধনা আৰু মানপত্ৰ আগবঢ়োৱা হয়। তেওঁলোক হল-দেশপ্রেমমূলক গীত প্ৰতিযোগিতাত আইনষ্টাইন একাডেমীৰ ধীৰাজ ডেকা প্ৰথম, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ ধৃতিষ্মিতা তালুকদাৰ দ্বিতীয়, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডিম্পী কলিতাই তৃতীয় স্থান পাবলৈ সক্ষম হয়। একক নৃত্য প্ৰতিযোগিতাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তন্ময়ী ডেকা প্ৰথম, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ ধৃতিষ্মিতা তালুকদাৰ দ্বিতীয়, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ তৃষাংগী কাশ্যপই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। বক্তৃতা প্ৰতিযোগিতাত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ ধৃতিষ্মিতা তালুকদাৰ প্ৰথম, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তন্ময়ী ডেকা দ্বিতীয়, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ তৃষাংগী কাশ্যপই তৃতীয় স্থান দখল কৰে। চিত্ৰাংকণ প্ৰতিযোগিতাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঋক্ষিতা কলিতা প্ৰথম, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ আলিনা বেগম দ্বিতীয়, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ তৃষাংগী কাশ্যপই তৃতীয় স্থান পায়।স্থিৰচিত্ৰ প্ৰতিযোগিতাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিকি কলিতা প্ৰথম, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ জ্যোতি দাস দ্বিতীয়, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ হিমান কাশ্যপই তৃতীয় স্থান পায়। ৰচনা লিখা প্ৰতিযোগিতাত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানসী দেৱী প্ৰথম, ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ ধৃতিষ্মিতা তালুকদাৰ দ্বিতীয় স্থান পায়। শ্লোগান লিখা প্ৰতিযোগিতাত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ কৰণ কলিতাই প্ৰথম স্থান দখল কৰে। ৭৫ সংখ্যক স্বাধীনতা দিৱস কাৰ্যসূচী সমূহৰ আতধৰা ৰঙিয়া স্বেচ্ছাসেৱী সংগঠন সাধনাৰ সঞ্চালক জ্যোতিষ কলিতাকো ৰাজহুৱাভাৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্বাধীনতা দিৱস কাৰ্যসূচীৰ অংশ হিচাপে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে। বিয়লি ৫.০০ বজাত ৰাষ্ট্ৰীয় পতাকা অৱ নমিতকৰণৰ পিছত ৫.৩০ বজাত চৰকাৰী বেচৰকাৰীৰ লগতে আৱাস গৃহ সমূহত বন্তি প্ৰজ্বলন কৰা হয়। ইতিমধ্যে মহকুমাটোৰ সকলো চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান,বিদ্যালয়-মহাবিদ্যালয় ব্যক্তিগত আবাসগৃহ, প্ৰমূখ্যে ধুহি উন্নয়ন মঞ্চ আদিতো জাতীয় পতাকা উত্তোলন কৰি ৰঙিয়া মহকুমাত স্বাধীনতা দিৱস কাৰ্যসূচীৰ সফল ৰূপায়ন কৰি তোলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা