বাল্য বিবাহ আৰু সমাজৰ ওপৰত প্ৰভাৱ

বাল্য বিবাহ আৰু সমাজৰ ওপৰত প্ৰভাৱ ।


বাল্য বিবাহ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ ।আজি কালি অতি কম বয়সৰ ছোৱালী বিয়া দিয়া পৰিলক্ষিত হয় ।ছোৱালী মাত্ৰ সপ্তম শ্ৰেণীত পঢ়ে ;মাঁ দেউতাৰ মূৰত এটাই চিন্তা ছোৱালী বিয়া কেনেকৈ দিম মোৰ ছোৱালী জনী ডাঙৰ হৈ গ'ল ।ছোৱালী এজনীক সদায় মাহী অাইৰ দৃষ্টিৰে কিয় চোৱা হয় ।সমাজত প্ৰচলিত কিছুমান প্ৰথা লৰা সন্তান জন্ম হলে তাক বহুত পঢ়াৱ লাগিব ।অাইপি এছ ,ডক্টৰ বনাব লাগিব ।আৰু ছোৱালী জন্ম হলেই তাক লৈ অনুৰূপ ধৰণে চিন্তা কৰা হয় কিয় ? লৰা এজন যেনেকৈ দেশৰ ভৱিষ্যত ঠিক তেনেকৈ ছোৱালী এজন দেশৰ ভৱিষ্যত ।লৰাজনৰ সমান অধিকাৰ কিয় ছোৱালীজনীয়ে নাপায় ।এয়াই নেকি ? সমাজ ব্যৱস্থা ।ছোৱালী এজনীৰো ইচ্ছা আছে বহুত সপোন আছে কথাটো অনুভৱ কৰক চোন ? এজন মাঁ ঘৰত যেতিয়া ৰান্ধিব যায় ।তেতিয়া চাৱ এফালে ভাত ৰান্ধি আছে আনফালে ছব্জি বনাই আছে আনফালে বেলেগ কাম কৰি আছে ভগবানে কিমান শক্তি দিছে ।সেই মাঁ জনী ছোৱালী থাকোতে যদি স্কুল পঢ়ালে হয় আজিৰ দিনত অামাৰ দেশখন কোন দিছে গতি কৰিলে হয় ।ছোৱালী বিলাকক বেছি পঢ়িব দিয়া নহয় ।কাৰণ স্কুল কলেজ গলে ছোৱালীজনী কি বা কৰে চিন্তা আচলতে এনেকোৱা বেছি দেখা যায়  সমাজত । এজন ছোৱালী যদি সম্পূৰ্ণ  পৰিম্পূৰ্ণ নহয় তাইক যদি বিয়া দিয়া হয় মানে বাল্য বিয়া দিয়া হয় ।সেই ছোৱালীজনী কিছুদিন পিছত সন্তান জন্ম হোৱাৰ পিছত কেনেকোৱা হব ।যাৰ নেকি এতিয়া সৰু মানুহৰ লগত খেল-ধেমালী কৰাৰ মস্তিষ্ক আছেই ।তাই আকৌ সন্তান জন্ম দি মাক হৈ গ'ল অতি পৰিতাপৰ বিষয় ,সেই ছোৱালী জনীৰ লগতে এনেকোৱা অন্যায় মাঁ-দেউতাকে কৰাৰ বাবে ছোৱালীজনীৰ অৱস্থা কি হব পাৰে ? সন্তান জন্ম দিয়াৰ পিছত নানা ধৰণৰ বেমাৰ আজাৰে দেখা দিব আজি এইটো বেমাৰ কালি সেইটো বেমাৰ ।অাচলতে ইয়াৰ বাবে দায়ী কোন মাঁ দেউতা ।ছোৱালী জনীৰ লগতে তেঁও জন্ম দিয়া লৰা বা ছোৱালীটোৰ অৱস্থা কি হব পাৰে ? সেই লৰা বা ছোৱালীটোক কেতিয়া ভালকৈ পঢ়া শুনা কৰাব নোৱাৰে কাৰণ প্ৰথম শিক্ষক হৈছে মাঁ । মাঁ জনীক যদি সপ্তম শ্ৰেণীত থাকোতে বিয়া দিছে । মাঁ জনীয়ে কেনেকৈ পঢ়াৱ তেঁওৰ লৰা বা ছোৱালী জনীক ।সেইবাবে তেঁওৰ সন্তানটো অশিক্ষিত হোৱাৰ দেখা যায় ।বৰ্তমান যুগত অশিক্ষিত হলে সমাজৰ প্ৰতি মুঠেই শুভ লক্ষণ নহয় ।বাল্য বিবাহ সমাজৰ প্ৰতি বাৰুকৈ প্ৰভাৱ পেলাই বাল্য বিয়াই এজন লৰা বা ছোৱালীৰ ভৱিষ্যত নষ্ট কৰে ।তেঁওৰ পৰা জন্ম হোৱা সন্তানটোৰ ভৱিষ্যত নষ্ট কৰাৰ আশংকা থাকে ।এজন ছোৱালীক সৰু থাকোতে  বিয়া দিলে মাঁ দেউতা অপৰাধী হিচাপে গণ্য কৰা হয় ।বৰ্তমান সময়ত ভাৰত চৰকাৰে এজনী ছোৱালীৰ বিয়া বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰিছে আৰু এজন লৰাৰ বিয়াৰ বয়স ২১ বছৰ নিৰ্ধাৰণ কৰিছে ।আজি কালী চৰকাৰে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি সপ্তম শ্ৰেণীলৈ সৰ্বশিক্ষা মিছনৰ অধিনত বিনামূলীয়াকৈ পাঠদান দি আছে ;তাতে ইউনিফৰ্ম খোৱা-লোৱা কিতাপ অাদি বিনামূলীয়াকৈ চৰকাৰে ব্যৱস্থা কৰিছে লগতে মেধা ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুলাৰশ্বিপৰ ব্যৱস্থা কৰিছে চৰকাৰে ।লগতে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীলৈ বিনামূলীয়াকৈ পাঠদান দি আছে চৰকাৰে ।একাদশ আৰু দ্বাদশ শ্ৰেণীলৈও বিনামূলীয়া পঠাদান দি আছে চৰকাৰে কিয় আপোনাৰ লৰা বা ছোৱালীটো অশিক্ষিত বনাই আছে ।মনত ৰাখিব শিক্ষাই হৈছে উন্নয়নৰ মূল শিক্ষাৰ জৰিয়তে  বাল্য বিবাহ বন্ধ কৰা সম্ভাৱ ।শিক্ষাই আপোনাৰ ছোৱালী জনীৰ জীৱনলৈ পোহৰ আনিব ।লগতে আজিৰ এই লিখনীৰ জৰিয়তে যদি সকল দলসংগঠনে বাল্য বিবাহ বন্ধ কৰাৰ বাবে ইমান দিনে কাম কৰি আহিছে তেঁওলোকক অন্তৰৰ নিভাজ কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ ।এজন ছোৱালীক যেতিয়া মাঁ দেউতাই বিয়াৰ বাবে জোৰ-জুলোম  কৰিব তেতিয়াই আপোনালোকে বাধা দিয়ক মই এতিয়া বিয়া নহঁও লাজ নকৰিব ।আপোনাৰো অধিকাৰ আছে নিজৰ জীৱনকৈ লৈ মাঁ দেউতাক কব মই আৰু পঢ়া শুনা কৰিম ।





অাশ্ৰানুল হক
বেছিমাৰী,দৰং,অসম
মুবাইল নং ৭০০২৬৮৩৩৯৮

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা