মূল্যবৃদ্ধি ৰোধ আৰু গো- সুৰক্ষা আইন বাতিলৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ**প্ৰতিবাদস্থলীত আৰক্ষীৰ বাধা আৰোপ

*মূল্যবৃদ্ধি ৰোধ আৰু গো- সুৰক্ষা আইন বাতিলৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ*
*প্ৰতিবাদস্থলীত  আৰক্ষীৰ বাধা আৰোপ*
আমাৰ চিঞৰ শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান: শিৱসাগৰ নগৰৰ মাজ-মজিয়াত বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মূল্যবৃদ্ধি ৰোধ আৰু গো সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত সংগঠনটোৱে আজি শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি সংগঠনটোৱে দাহ কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদস্থলীত মোতায়ন হৈ থকা আৰক্ষীয়ে প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত বাধা দি প্ৰতিমূৰ্তি দুটা কাঢ়ি লৈ যায়। বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে বিজেপি মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, যোগানমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, গো আইন বাতিল কৰক আদি শ্লগান দি চৰকাৰখনৰ ব্যৰ্থতা সমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অকৰ্মন্য মুখ্যমন্ত্ৰী বুলি সমালোচনা কৰি এতিয়া কেৱল গৰু গাহৰিৰ ইছ্যু লৈ চৰকাৰ ব্যস্ত বুলি কটাক্ষ কৰে। মূল্যবৃদ্ধিত  কোঙা হোৱা ৰাইজক সকাহ দিয়াৰ সলনি চহা অসমীয়াৰ আয়ৰ পথ গৰুত চৰকাৰে প্ৰতিন্ধকতা আনি ৰাইজক চৰম দুৰ্দশালৈ ঠেলি দিয়া বুলি সংগঠনটোৱে সমালোচনা কৰে।চৰকাৰে অনতিপলমে মূল্যবৃদ্ধি ৰোধ আৰু গো সুৰক্ষা আইন ২০২১ বাতিল নকৰিলে এক ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা