হাতীচোং মহাবিদ্যালয়ত ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

# হাতীচোং মহাবিদ্যালয়ত ভাৰ্চুৱেল পদ্ধতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ আগষ্টঃ নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত ভাৰ্চুৱেল পদ্ধতিৰে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। 'আইডেণ্টিতি পলিটিক্স ইন আসামঃ ডেন এণ্ড নাউ'(Identity politics in Assam:Then and Now) শীৰ্ষক আলোচনাচক্ৰখনিত সমল ব্যক্তি হিচাপে ভাগ লয় অসম বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মহান বৰাই । ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুই শতাধিক শিক্ষাবিদ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰে। সমলব্যক্তি ড° বৰাই নিজা বক্তব্যত প্ৰাক্ ঔপনিৱেশিক সময়ৰ পৰা ইংৰাজ শাসন তথা বৰ্তমান সময়লৈ অসমৰ বিভিন্ন নৃ-গোষ্ঠীয় জাতিসত্ত্বাৰ ধাৰাবোৰ বৰ্ণনা কৰে ৷ তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জনগোষ্ঠীসমূহৰ দাবী, ভৈয়ামত বসবাস কৰা বড়ো, কাৰ্বি আদি নৃ-গোষ্ঠী সমূহৰ নিজৰ পৰিচয়ক লৈ সময়ে সময়ে উদ্ভৱ হোৱা প্ৰশ্ন আৰু বিতৰ্ক সমূহৰ বিষয়ে উথাপন কৰি কয় যে--ন-অসমীয়াৰ ধাৰণাটোক পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া পৰিচয়টোক জীয়াই ৰাখিবলৈ সমাজৰ মধ্য শ্ৰেণীৰ লোকসকলৰ মানসিকতা সৱল হ'ব লাগিব । ড° বৰাই আলোচনাচক্ৰখনিত অংশগ্ৰহণকাৰীসকলে কৰা প্ৰশ্নৰ উত্তৰত অসমীয়াৰ নিজস্বতা আছে আৰু ই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিলিন হ'ব নোৱাৰে ৷ মাথো ই সমন্বয় ৰক্ষা কৰি চলিব বুলি উল্লেখ কৰি বৰ্তমান উদ্ভৱ হ'ব ধৰা ধৰ্মীয় গোষ্ঠীৰ পৰিচয়, লিংগ পৰিচয়, শ্ৰেণী বা জাতিগত পৰিচয়বোৰৰ প্ৰাসংগিকতাৰ কথাও ডাঙি ধৰে ৷ নাগৰিকত্ব সংশোধনী আইন, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম চুক্তি আদি বিষয়বোৰেও স্থান লাভ কৰা ড° বৰাৰ বক্তৃতাত তেওঁ সকলোবোৰ কথা তথ্যসমৃদ্ধ উপস্থাপনেৰে সকলোকে আপ্লুত কৰি তোলে ৷ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ক্ষীৰোদ কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষ লুইত হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱাৰ বিপৰীতে সমল ব্যক্তিৰ পৰিচয় প্ৰদান কৰে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা বুবু শেনচোৱাই। মত বিনিময় তথা সমগ্ৰ কাৰিকৰী দিশটো পৰিচালনা কৰে আই কিউ এ চি(IQAC) ৰ সমন্বয়ক নেকিবুৰ ৰহমানে। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক  দীপাংকৰ বৰাই শলাগৰ শৰাই আগবঢ়ায় । ইফালে, ইংৰাজী আৰু অসমীয়া বিভাগৰ যৌথ সহযোগত অহা ২৮ আৰু ২৯ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া 'ইমপেক্ট অফ ক'ভিড-১৯ অন হিউমেন ৰিলেশ্বনছ' (Impact of covid-19 on Human Relations) শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰখনলৈ সকলোৰে সহায় সহযোগিতা বিচাৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা