Posts

অৰুনাচলত চীনৰ নতুন ষড়যন্ত্ৰ

Image
ষ্টাফ ৰিপোৰ্টাৰ : ভাৰতৰ উত্তৰ -পূৱৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ভূ খণ্ডক চীনে নিজৰ বুলি দাৱী কৰি অহাতো নতুন কথা নহয়। চীনে সময়ে সময়ে অৰুণাচলক দক্ষিণ তীব্বতৰ এলেকা বুলি দাৱী কৰি আহিছে। ইতিপূৰ্বে ভাৰতে যদিহে আকচাই চিন পূনৰ বিচাৰে তেন্তে অৰুণাচল প্ৰদেশক চীনক গতাব লাগে বুলিও কৈ আহিছে। তাৰ মাজতে এগৰাকী প্ৰাক্তন সাংসদে কৰিছে এক বিষ্ফোৰক মন্তব্য। একালৰ সাংসদ নিনং এৰিঙে অভিযোগ কৰিছে যে চীনে অৰুণাচল প্ৰদেশৰ যুৱকক দেশখনৰ সেনাবাহিনী পিপল’ছ লিবাৰেশ্যন আৰ্মি (PLA)ত ভৰ্তি কৰোৱাৰ বাবে চেষ্টা চলাই আছে। তেঁও এই সন্দৰ্ভত তথ্য লাভ কৰা বুলি উল্লেখ কৰি কয় যে চীন-ভাৰত সীমান্তত বসবাস কৰা অৰুনাচল প্ৰদেশৰ নিশি, আদি, মিছিমি, ইদু সম্প্ৰদায়ৰ লোকসকলৰ সৈতে চীনৰ এলহ’বা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে কিছু সাদৃশ্য আছে। তেঁওলোকৰ ভাষাৰ মাজতো কিছু সাদৃশ্য আছে। তেঁও লগতে কয় যে যিধৰণে চীনে বিছাত গৃহ নিৰ্মাণ কৰিছে, গেহলিং আৰু আনিনিত পথ নিৰ্মাণ কৰিছে, সীমান্তত আন্ত:গাথনিৰ উন্নীতকৰণৰ প্ৰচেষ্টা চলাইছে তালৈ চাই অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাসকল চীনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আশংকা কৰিব পাৰি। সেয়ে প্ৰাক্তন সাংসদগৰাকীয়ে এইক্ষে...

ড্ৰাগছ বিক্রেতাৰ পিছত এতিয়া ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সজাগ মৈৰাবাৰী আৰক্ষী

Image
ড্ৰাগছ বিক্রেতাৰ পিছত এতিয়া ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সজাগ মৈৰাবাৰী আৰক্ষী। মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এতিয়া চলিছে কালৰূপী ড্ৰাগছৰ বিৰুদ্ধে অভিযান। মৈৰাবাৰী বজাৰৰ কালি-মন্দিৰ কলনীৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী। ইকবাল হুছেইন আৰু কৃষ্ণ মণ্ডল নামৰ দুজনক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। ইয়াৰে কৃষ্ণ মণ্ডল আৰু কেবাবাৰো ড্ৰাগছৰ ব্যৱসায়ৰ বাবে জেল হাজোতলৈ যোৱা বুলি ৰাইজে ব্যক্ত কৰে। মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাই ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হোৱাৰ কথাও ব্যক্ত কৰে। যুৱ সমাজক পংগু কৰা এই ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ আৰু প্ৰশাসন একেলগে মিলি কাম কৰি আগুৱাই যাবলৈ আৰক্ষী বিষয়া জনে ব্যক্ত কৰে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

বিশিষ্ট শিক্ষাবিদ্, পুথিভৰাল আন্দোলনৰ প্ৰবীন কৰ্মী টংকেশ্বৰ দাসক আশী সংখ্যক ওপজাদিনৰ ওলগ-সম্বৰ্ধনা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাট নিবাসী বিশিষ্ট শিক্ষাবিদ, সুলেখক, পুথিভৰাল আন্দোলনৰ প্ৰবীন কৰ্মী টংকেশ্বৰ দাসৰ ৮০ সংখ্যক ওপজা দিনটো বুধবাৰে দক্ষিণপাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয় ৷ সদৌ অসম গ্ৰাম্য পুথিভৰাল সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত শিক্ষাবিদ টংকেশ্বৰ দাসক চেলেং, গামোচা, জাপি, গ্ৰন্থৰ টোপোলা আৰু ফুলৰ থুপাৰে ওলগ জনোৱা হয় ৷ গ্ৰাম্য পুথিভৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা অনুষ্ঠানটি ধেনুৰাম নাথৰ লোকগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা হয় ৷ পুথিভৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট গল্পকাৰ তথা কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, শিক্ষক লৱকান্ত শৰ্মা, সমাজকৰ্মী ঘন দাসে বিশিষ্ট শিক্ষাবিদগৰাকীৰ সামাজিক জীৱনৰ ওপৰত আলোকপাত কৰে ৷ সম্বৰ্ধনা গ্ৰহন কৰি শিক্ষাবিদ টংকেশ্বৰ দাসে মানুহ জ...

কৰ’নাত আক্ৰান্ত বিশিষ্ট সাহিত্য সমালোচক, শিক্ষাবিদ প্ৰভাত বৰা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ছেপ্টেম্বৰঃ অসমৰ বিশিষ্ট সাহিত্য- সমালোচক তথা শিক্ষাবিদ প্ৰভাত বৰা সম্প্ৰতি কভিড-১৯ আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। প্ৰায় দহ দিন ধৰি জ্বৰ-পানীলগা ৰোগত সাধাৰণ ভাৱে আক্ৰান্ত হোৱা বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে সোমবাৰে পুৱাৰ ভাগত কিছু পৰিমাণে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। লগে লগে নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় যদিও চিকিৎসকে তেখেতৰ স্বাস্থ্যৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সাহিত্য সমালোচক গৰাকীক গুৱাহাটীৰ এপ'লো হাস্পতালৰ কভিড আই চি ইউ ৱাৰ্ডত চিকিৎসাধীন কৰা হয়। চিকিৎসালয়ৰ সুত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমান অধ্যাপক প্ৰভাত বৰাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু প্ৰয়োজনীয় সকলো চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷ ইফালে, বিশিষ্ট শিক্ষাবিদ গৰাকীক মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰি তাতে চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখযোগ্য যে, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত বৰাৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাত ৰাজ্যখনৰ বৌদ্ধিক মহলৰ উপৰিও তেওঁৰ অসংখ্য গুণমুগ্...

শিলচৰস্থিত "অসম বিশ্ববিদ্যালয়"ত শীৰ্ষস্থান বোকাখাতৰ জীয়ৰী "লুহিতা"ৰ

Image
"লুহিতা"ৰ কৃতিত্বত গৌৰৱান্বিত বোকাখাতবাসী বোকাখাতৰ পৰা পলিমা বি চেতিয়া , ৩১ আগষ্ট : বোকাখাতৰ এগৰাকী চাহ জনজাতিৰ ছাত্ৰীৰ বিশেষ সফলতাত  আনন্দৰ বন্যা বৈছে অঞ্চলটোত । অসমীয়া বিভাগত শীৰ্ষস্থান দখলেৰে অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে বোকাখাতৰ "লুহিতা নায়কে"। বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ অন্তৰ্গত পিতৃ "মানা নায়ক "আৰু মাতৃ- "সুমিত্ৰা নায়ক"ৰ প্ৰথম সন্তান  লুহিতা নায়কে শিলচৰস্থিত "অসম বিশ্ববিদ্যালয়"ৰ ডিফু কেম্পাচৰ পৰা অসমীয়া বিভাগত সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে। উল্লেখযোগ্য যে চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ সন্তান লুহিতাই বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিল শৈক্ষিক যাত্ৰা।পৰৱৰ্তী সময়ত কুৰুৱাবাহী ৰাজগড় মধ্য ইংৰাজী বিদ্যালয় আৰু ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তিৰ সুযোগ লাভ কৰিছিল। ইফালে চাহ বাগিছাৰ শ্ৰমিক তথা দৰিদ্ৰ পিতৃ-...

বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা পানী যোগান আঁচনিৰ শুভ উদ্বোধন

Image
বোকাখাতৰ পৰা পলিমা বি চেতিয়া ,৩১ আগষ্ট: অসম চৰকাৰৰ কৃষি, পশুপালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্রী তথা বোকাখাত বিধানসভা  সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱে আজি জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ  জল জীৱন মিছনৰ পুনৰ সংযোজিত আচঁনিৰ অধীনত   ম'হমাইকী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে  বোকাখাত সমষ্টিতো আজি বোকাখাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনত জল জীৱন মিছনৰ ৬ টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰে ম'হমাইকী গাওঁ পঞ্চায়তত ৩ টা, মধ্য কাজিৰঙা, পূব কাজিৰঙা তথা উত্তৰ-পূৱ কাজিৰঙা গাওঁপঞ্চায়তত একোটাকৈ মুঠ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে  মহকুমাটোৰ আন ৫ টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। জল জীৱন মিছনৰ অধীনত ম'হমাইকী গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা ৩ টাকৈ পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৮৪ ঘৰত, মধ্য কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২২৮ঘৰত, পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়...

চৰকাৰী চাকৰিয়াল তথা বাৰ্ষিক এক লাখ টকা আয় কৰা লোকক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান গোৱালপাৰা জিলা প্ৰশাসনৰ

Image
ৰেচন কাৰ্ড সন্দৰ্ভত গোৱালপাৰা জিলা প্ৰশাসনৰ বিশেষ ঘোষণা ৷ যিসকল লোকৰ বাৰ্ষিক আয় এক লাখৰ অধিক আৰু যিসকল লোকৰ চৰকাৰী চাকৰি আছে তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জিলা প্ৰশাসনৰ ৷ আজি কৃষ্ণাই বজাৰত মাইকিঙৰ জৰিয়তে কৰা এক ঘোষনা অনুসৰি যিসকল লোক চৰকাৰী পেঞ্চনধাৰী বা ব্যক্তিগত চাৰি চকীয়া বাহনৰ মালিক তেওঁলোকেও ওভতাই দিব লাগিব ৰেচন কাৰ্ড ৷ জিলা প্ৰশাসনে আগন্তুক ১৫ চেপ্তেম্বৰৰ ভিতৰত জিলা উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত স্বেচ্ছাই জমা দিবলৈ আহ্বান জনাইছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report