Posts

নলবাৰীৰ জাপাৰকুছিত এজাক মহিলাৰ ৰণচণ্ডী ৰূপ

Image
*নলবাৰীৰ জাপাৰকুছিত এজাক মহিলাৰ ৰণচণ্ডী ৰূপ*। *চুলাই মদৰ বিৰুদ্ধে ৰাইজৰ উচ্ছেদ অভিযান* *উত্তপ্ত পৰিস্থিতি* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ মাৰ্চ* নলবাৰী জিলাৰ  জাপাৰকুছিত বৃহস্পতিবাৰে এজাক মহিলাই ধৰিলে ৰণচণ্ডী ৰূপ।মহিলাসকলে অঞ্চলটোত থকা কেইবাখনো চুলাই মদৰ ঘাটি উচ্ছেদ কৰি লণ্ড-ভণ্ড কৰে ব্যৱয়সায়ীক প্ৰতিষ্ঠানসমূহ । উল্লেখযোগ্য যে জাপাৰকুছি গাঁওত থকা প্ৰভাত বৰ্মন, বিনোদ বৰ্মন আৰু উত্তম বৰ্মনে দীৰ্ঘদিনৰ পৰা চুলাই মদৰ ব্যৱসায় চলাই অহাৰ অভিযোগ আনি উক্ত ব্যৱসায়ীক প্ৰতিস্থানত মদ্যপান কৰি বহু পৰিয়ালত অমানিশা নামি অহাৰ অভিযোগ আনিছে মহিলা সকলে । বৃহস্পতিবাৰে গাঁওখনৰ মহিলাসকলে একগোট হৈ দোকান-পোহাৰ ভাঙি চুৰ্ণ-বিচুৰ্ণ কৰাৰ লগতে বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুলাই বেপাৰী প্ৰভাত বৰ্মনক আটক কৰে ।ইফালে মহিলাসকলৰ অভিযোগ অনুসৰি চুলাই সেৱন কৰি গাঁওখনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে । যোৱা পৰহিও ৰঞ্জিত বৰ্মন নামৰ লোক এজনে বিষাক্ত  চুলাই সেৱন কৰি মৃত্যুমুখত পৰাৰ অভিযোগ আনিয়ে এনে তাণ্ডৱলীলা চলোৱাৰ কথা ব্যক্ত কৰিছে । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

শিৱসাগৰত ন’ভেল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত পূর্ণ সতৰ্কতা অৱলম্বন জিলা প্ৰশাসনৰ

Image
*শিৱসাগৰত ন’ভেল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত পূর্ণ সতৰ্কতা অৱলম্বন জিলা প্ৰশাসনৰ :*  সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট পৰিৱেশন ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ১৩ মাৰ্চ: ন'ভেল কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰ  জিলাত পূৰ্ণ সতৰ্কতা অৱলম্বনৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰাও গ্ৰহণ কৰা সাৱধানতামূলক কাৰ্যব্যৱস্থাৱলীৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে।  ন'ভেল ক'ৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি উপায়ুক্ত কাৰ্য্যালয় চৌহদত কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা ৰোগ নিৰীক্ষণ কাৰ্য্যালয় (IDSP)-ৰ উদ্যোগত তথা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'সময়'ৰ সহযোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই বাটৰ নাটৰ মাধ্যমেৰে কাঁহ-চৰ্দিৰ লগতে জ্বৰত আক্ৰান্ত লোকসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ উপৰিও জনসাধাৰণক নিজৰ দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ...

জামুগুৰিহাটত “আনলা”,“বিৰচা কামাণ্ডো” আৰু “আছা”ৰ বেনাৰত ম্যাদি মাটি বেদখল

Image
#জামুগুৰিহাটত “আনলা”,“বিৰচা কামাণ্ডো” আৰু “আছা”ৰ বেনাৰত ম্যাদি মাটি বেদখল৷ #বেদখলকাৰীৰ বিৰুদ্ধে জামুগুৰি থানাত এজাহাৰ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১২ মাৰ্চ: যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন “আনলা”,“বিৰচা কামাণ্ডো ফৰ্চ” আৰু ছাত্ৰ সংগঠণ “আছা”ৰ বিৰুদ্ধে ম্যাদি পট্টাৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগ উল্থাপিত হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত৷যুদ্ধবিৰত উগ্ৰপন্থী সংগঠন আৰু ছাত্ৰ সংগঠণৰ বেনাৰ লগাই অঞ্চলটোৰ টুপীয়াৰ নিকটৱৰ্তী বগাবিলত এইদৰে মাটি বেদখল কৰা ঘটনাত সমগ্ৰ অঞ্চলটিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ইতিমধ্যে ভুক্তভোগী ম্যাদি পট্টাৰ মাটিৰ গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে৷আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ উল্লেখ থকা মতে অঞ্চলটোৰ টুপীয়া বগাবিলৰ কল্পনা চিয়াকুটি নামৰ মহিলা গৰাকীয়ে ২০১৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে একেখন গাৱৰে দীগম্বৰ ভুমিজ নামৰ ব্যক্তিজনৰপৰা ক্ৰয় কৰা নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ বগাবিল গাঁৱৰ ম্যাদি পট্টা নং ১৩ৰ ৪১ নং দাগৰ সৰ্বমুঠ ৩ বিঘা ৩ কঠা ১৫ লোচা ম্যাদি পট্টা মাটি ক্ৰয় কৰি সেই মাটি চৰকাৰী নীতি নিয়ম অনুসৰি পঞ্জীয়ন কৰে আৰু তাৰপাছৰপৰা সেই মাটি নি...

ৰঙিয়াত মহকুমা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ৰঙিয়াত মহকুমা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ সভা  নিষ্ঠা আৰু সততাৰে আচঁনি ৰূপায়নৰ আহ্বান অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ প্ৰতিবেদক, ৰঙিয়া, ১২মাৰ্চ: : বৰ্তমানে চলি থকা চৰকাৰী আচনিঁ সমূহৰ অগ্ৰগতিৰ পৰ্য্যালোচনা আৰু দিক্ নিৰ্দেশনা দিয়াৰ উদ্দেশ্যে  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ পৌৰহিত্যত  আজি " ৰঙিয়া মহকুমা উন্নয়ন সমিতি "ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ প্ৰতিটো উন্নয়ন বিভাগৰ বিভাগীয় মুৰব্বী সকলৰ উপস্থতিত  অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে বৰ্তমানে চলি থকা চৰকাৰী আচঁনি সমূহৰ সময়োচিত পৰিসমাপ্তি তথা গুণগত মান ৰক্ষাৰ কাৰণে সকলো বিষয়াকে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । তদুপৰি তেখেতে ৰাজহ আহৰণকাৰী বিভাগসমূহক বছৰৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনায় । চলিত বছৰটোত চৰকাৰে প্ৰতিটো বিভাগৰ কাৰণে নতুন নতুন আচঁনি ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলো বিষয়াই নিজৰ বিভাগৰ আচঁনি সমূহ নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰে । লক্ষণ...

ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত- নিৰ্লিপ্ত কতৃপক্ষ

ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত- নিৰ্লিপ্ত কতৃপক্ষ *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১২ মাৰ্চ* ডিজিটেল ইণ্ডিয়াত আজিও বাঁহৰ সাঁকোৰে যাতায়ত ব্যৱস্থা নলবাৰীৰ গামাৰিমুৰীত ৷ এইক্ষেত্ৰত আজি নিৰ্লিপ্ত বিভাগীয় কতৃপক্ষ ৷ নলবাৰী জিলাৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল গামাৰিমুৰী-পহলংপাৰা ৷ গামাৰিমুৰী-পহলংপাৰা অঞ্চলৰ মাজেৰে বৈ গৈছে চিৰ প্ৰৱাহিণী বুঢ়াদিয়া নৈ ৷ এই নৈৰ পাৰতে অৱস্থিত স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদগাহ ময়দানখন ৷ নৈখনৰ দুয়োপাৰে থকা ধৰ্মপ্ৰাণ ৰাইজে বছৰেকত দুটাকৈ পবিত্ৰ ঈদৰ সমূহীয়া নামাজ ইয়াতেই সমাপন কৰে ৷ উল্লেখযোগ্য যে সাহপুৰ-নদলা গড়কাপ্তানি পথৰ পহলংপাৰা প্ৰাথমিক বিদ্যালয়ৰ চ'কৰ পৰা গাঁৱৰ মাজেৰে ফালৰি কাটি উক্ত ঈদগাহ ময়দান হৈ গামাৰিমুৰীলৈ বিস্তৃত পথটো কৈঠালকুছি-জোৱাৰ্দ্দি-সাহপুৰ-নদলা বজাৰ সংযুক্ত জোৱাৰ্দ্দি মেডিকেল চ'কৰ সমীপত মিলিত হৈছে ৷ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে বুঢ়াদিয়া নৈৰ গামাৰিমুৰী ঘাটত খৰালি এডাল ভলুকা বাঁহৰ সাঁকোৰে আজিকোপতি যাতায়ত অব্যাহত ৰাখিছে ৷ বাৰিষা যাতায়ত বন্ধ হোৱাৰ লগে লগ...

গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বৈঠক সম্পন্ন

গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বৈঠক সম্পন্ন ।  পঙ্কজ নাথ, চাংসাৰি, ১৩ মাৰ্চ : আজি গুৱাহাটীৰ বিষ্ণুপথ স্থিত শংকৰদেৱ বিদ্যা নিকেতনত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া 'সংকল্পিতা শক্তি সংগম' অনুস্থান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ সুকলমে সম্পন্ন হয় । বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমে আহ্বান কৰা এই বৈঠকত আগন্তুক ৫ এপ্ৰিলত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া 'সংকল্পিতা শক্তি সংগম'ৰ ব্যৱস্থা সম্পৰ্কে বিশদ আলোচনা কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰান্ত প্ৰচাৰিকা নীতা দেৱীয়ে কয় যে যোৱা ৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমাৰোহখন কিছু কাৰণবশত পিছুৱাই দিয়া হৈছিল। উক্ত কাৰ্যসূচী আগন্তুক এপ্ৰিল মাহৰ ৫ তাৰিখে ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সমাৰোহত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দহ হাজাৰৰো অধিক সেৱিকাই পূৰ্ণ গণৱেশত অংশ গ্ৰহণ কৰিব। উক্ত কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ লক্ষ্য লৈ আজিৰ সভাখন আহ্বান কৰা হৈছিল ।   সভাৰ আঁত ধৰি শিশু শিক্ষা সমিতি অসমৰ প্ৰান্ত সাংগঠনিক সম্পাদক  হেমন্ত ধিং মজুমদাৰে ৰাষ্ট্রীয় স্বয়...

ঐতিহ্যৰ পৰা বিজ্ঞানলৈ সংৰক্ষিত ব্যতিক্ৰম যাদুঘৰতো

*শিৱসাগৰৰ এক ব্যতিক্ৰমী যাদুঘৰ: ঐতিহ্যৰ পৰা বিজ্ঞানলৈ সংৰক্ষিত উত্তৰণ যাদুঘৰত: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো একক যাদুঘৰৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস : দূৰ্লভ বৰাৰ একক প্ৰচেষ্টাত অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ সমাহাৰ* ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ১৩ মাৰ্চ : শিৱসাগৰৰ এটা ব্যতিক্ৰমী যাদুঘৰ ৷ ঐতিহ্যৰ পৰা বিজ্ঞানৰ উদ্ভাৱনালৈ সকলো সংৰক্ষিত যাদুঘৰটোত ৷ কেঁকোৱা দোলাৰ ইতিহাসৰ পৰা জীৱ বিজ্ঞানৰ বিষয়বস্তুলৈ সকলোৱেই উপলব্ধ যাদুঘৰটোত ৷ অসমীয়া জাতিৰ সম্ভ্ৰান্ত অতীতৰ সকলো সমলেই বিচাৰি পোৱা যায় উত্তৰণ যাদুঘৰত ৷ পেটাৰীৰ পৰা হেংদানলৈ,ভোগজৰাৰ পৰা চমতালৈ সংৰক্ষণ যাদুঘৰটোৰ প্ৰতিটো মহলাত ৷ উত্তৰ পুৰুষৰ বাবে অম্লান কীৰ্তি সংৰক্ষণ কৰি যোৱাৰ হেঁপাহত দুৰ্লভ বড়া নামৰ ব্যতিক্ৰমী ব্যক্তিৰ সৃষ্টি এই উত্তৰণ যাদুঘৰৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস ৷ এজন ব্যক্তিৰ লক্ষ্য কি হ'ব পাৰে ! কি হ'ব পাৰে জীৱনৰ উদ্দেশ্য ? এনে বিভিন্ন ব্যক্তি পৃথিৱীত আছে যি সকলৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যতিক্ৰম । তেনে এজন ব্যক্তিয়েই হল শিৱসাগৰৰ জয়সাগৰৰ দুৰ্লভ বৰা । দুৰ্লভ বৰাৰ লক্ষ্য আছিল এক যাদুঘৰ স্থাপন কৰা,আৰু আজি তেওঁ স্থাপন কৰা যাদুঘৰে সোতৰ ...