শিৱসাগৰত ন’ভেল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত পূর্ণ সতৰ্কতা অৱলম্বন জিলা প্ৰশাসনৰ

*শিৱসাগৰত ন’ভেল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত পূর্ণ সতৰ্কতা অৱলম্বন জিলা প্ৰশাসনৰ:* 
সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট পৰিৱেশন

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ১৩ মাৰ্চ: ন'ভেল কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰ  জিলাত পূৰ্ণ সতৰ্কতা অৱলম্বনৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰাও গ্ৰহণ কৰা সাৱধানতামূলক কাৰ্যব্যৱস্থাৱলীৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। 

ন'ভেল ক'ৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি উপায়ুক্ত কাৰ্য্যালয় চৌহদত কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা ৰোগ নিৰীক্ষণ কাৰ্য্যালয় (IDSP)-ৰ উদ্যোগত তথা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'সময়'ৰ সহযোগত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

এই বাটৰ নাটৰ মাধ্যমেৰে কাঁহ-চৰ্দিৰ লগতে জ্বৰত আক্ৰান্ত লোকসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ উপৰিও জনসাধাৰণক নিজৰ দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ্শ কৰাৰ পৰা পাৰ্যমানে বিৰত থকা, হাঁচি-কাঁহ-চৰ্দি হৈ থকা লোকৰ সংস্পৰ্শৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰখাৰ দৰে সতৰ্কতামূলক অভ্যাসৰ বিষয়েও জনোৱা হয়। তদুপৰি, এই সময়ছোৱাত প্ৰতিগৰাকী লোককে খালী পেট বা ভোকত নাথাকি নিয়মীয়াকৈ প্ৰ'টিন-ভিটামিনযুক্ত সুষম, পুষ্টিকৰ আহাৰ খাই শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কোৱা হয়। শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

বাটৰ নাটখনি পৰিৱেশন কালত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল, জিলা সমাজ কল্যাণ বিষয়া দীপালি  দেৱী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে, জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে স্থানীয় উড্ ডিছপেনচাৰিত  ন'ভেল ক'ৰ'ণা ভাইৰাছত আক্ৰান্তৰ আশংকা থকা সন্দেহজনক লোকৰ স্বাস্থ্য পৰীক্ষা কৰিব পৰাকৈ ইতিপূৰ্বে এটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছে। তদুপৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সন্দেহজনক আক্ৰান্ত লোকক নিৰীক্ষণত ৰাখিব পৰাকৈ আছুতীয়া কক্ষও মুকলি কৰিছে জিলা স্বাস্থ্য বিভাগে। জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে শিৱসাগৰবাসীক ন'ভেল কৰ'ণা ভাইৰাছক লৈ অলপো আতংকিত নহ'বলৈ আহ্বান জনাইছে।

Comments