ভেলাখামাৰত আজিৰ পৰা প্ৰাইজমাণী ভলীবল প্ৰতিযোগিতা

ভেলাখামাৰত আজিৰ পৰা প্ৰাইজমাণী ভলীবল প্ৰতিযোগিতা
---
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ পূৱালী সংঘৰ  উদ্যোগত কাইলৈ ৬ মাৰ্চ আৰু ৭ মাৰ্চ তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা হৈছে প্ৰাইজ মানী দুকলি ভলীবল প্ৰতিযোগিতা ৷ পূৱালী সংঘৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া  প্ৰতিযোগিতা খনিৰ কাইলৈ পুৱা ৯ বজাত সংঘৰ পতাকা উত্তোলন কৰাৰ পিছত ১০:৩০ বজাত অনুষ্ঠিত হ’ব ভলীবল প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান ৷ উদ্বোধন কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে ৷ ৭ মাৰ্চত পুৱা ৯ বজাৰ পুণঃ আৰম্ভ হ’ব প্ৰতিযোগিতা মূলক ভলীবল খেলসমূূহ ৷ আবেলি ২ বজাত চূড়ান্ত প্ৰতিযোগিতা খন অনুষ্ঠিত হোৱাৰ পিছত ৪ বজাত আৰম্ভ হ’ব  বঁটা বিতৰণী সভা ৷ বঁটা বিতৰণী সভাখনত স্থানীয় বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকিব বুলি সম্পাদক প্ৰশান্ত কুমাৰ দেৱ নাথে জনাইছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা