বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ মাৰ্চ মাহৰ সভা সম্পন্ন

বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ মাৰ্চ মাহৰ সভা সম্পন্ন

কৰ্মস্থলীত সময় মতে উপস্থিত হ'বলৈ চৰকাৰী কৰ্মচাৰীসকলক জিলা উপায়ুক্তৰ আহ্বান

বঙাইগাঁওঃ ৬ ফেব্ৰুবাৰীঃ বঙাইগাঁও জিলা উন্নয়ন  সমিতিৰ মাৰ্চ মাহৰ সভাখন আজি উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই সভাৰ আঁত ধৰে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত পদুম বাদুৰ ছেত্রীয়ে । জিলা উন্নয়ন সমিতিৰ সভাত বিভিন্ন উন্নয়নমূলক বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ প্ৰগতি আৰু অন্যান্য কাম কাজৰ বিষয় সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়। সভাৰ আৰম্ভণিতে উপায়ুক্তগৰাকীয়ে সভাত উপস্থিত থকা সকলোৰে লগত চা-চিনাকি হোৱাৰ লগতে বিভিন্ন বিভাগে ৰূপায়ণ কৰি থকা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে জ্ঞাত হয় । সভাত বঙাইগাঁও গড়কাপ্তনি ৰাজ্যিক -ঘাই পথ বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা আচঁনিসমূহৰ বিষয়ে উপায়ুক্ত গৰাকীয়ে অৱগত হয় । একেদৰে গড়কাপ্তনি ( গৃহ ),  জনস্বাস্থ্য কাৰিকৰী , মীন, স্বাস্থ্য , পশু চিকিৎসাকে ধৰি বিভিন্ন বিভাগত চলি থকা আৰু ইতিমধ্যে সম্পন্ন হোৱা আঁচনিসমূহৰ অগ্ৰগতিৰ তালিকা সমূহ সময়মতে দাখিল কৰিবলৈ নিৰ্দ্দেশ দিয়ে । লগতে  সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া সকলক অসম্পূৰ্ণ হৈ থকা আচঁনিৰসমূহ  অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দ্দেশ দিয়ে । সভাৰ শেষত উপায়ুক্ত গৰাকীয়ে সকলোকে নিজৰ নিজৰ কৰ্মস্থলীত সময় মতে উপস্থিত হোৱাৰ  লগতে  সকলো কাম -কাজ সকলোৰে লগত মিলিজুলি  আগবঢ়াই লৈ যোৱাৰ বাবে সকলোকে আহ্বান জনায়৷ সভাত অতিৰিক্ত উপায়ুক্ত  অনুপম ডেকা, ওমৰ শ্বৰীফ, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , ৰাজহ চক্ৰ বিষয়া সকলৰ লগতে  বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত  থাকে । 

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও //20
9435243911

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা