পোষণ পোষেকৰ লগত সংগতি ৰাখি বঙাইগাঁৱত চাইকেল সমদল

পোষণ পোষেকৰ লগত সংগতি ৰাখি বঙাইগাঁৱত চাইকেল সমদল 

 বঙাইগাঁও ১৫ মাৰ্চঃ ৰাষ্ট্ৰীয় পোষণ পোষেকৰ লগত সংগতি ৰাখি পুষ্টিপূৰ্ণ এখন সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে  আজি পুৱা বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত  জিলা সদৰৰ গান্ধী ময়দানৰ পৰা উত্তৰ শালমাৰা চ'কলৈ প্ৰায় ১৭ কিলোমিটাৰজোৰা এক চাইকেল সমদল উলিওৱা হয় । ইয়াৰ আতঁ ধৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া পল্লৱী সৰকাৰে আৰু এই সজাগতা সমদলৰ পতাকা জোকাৰী উদ্বোধন কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই । এই সজাগতা সমদলত জিলা সদৰৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী , শিক্ষাৰ্থী , অংগনবাড়ী কৰ্ম্মী- সহায়িকা, স্বেচ্ছাসেৱী সংগঠনকে ধৰি মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰে ।  অংশগ্ৰহণকাৰী সকলে সুষম আহাৰ গ্ৰহণ কৰক, সুস্বাস্থ্য অটুট ৰাখক , ডায়েৰীয়া প্ৰতিৰোধ কৰক, খোৱাৰ আগতে চাৱনেৰে হাত ভালদৰে ধোৱাৰ অভ্যাস গঢ়ি তোলক , ৰক্তহীনতাৰ পৰা শিশু -মাতৃক ৰক্ষা কৰক , বাল্য বিবাহ বন্ধ কৰক, মুকলিত শৌচ-প্ৰস্ৰাৱ কৰা বন্ধ কৰক, পলিঅ মুক্ত অসম গঢ়ক , জন্মৰ লগে লগে শিশুক মাতৃদুগ্ধ পান কৰোৱাক আদি বিভিন্ন প্লেকাৰ্ডলৈ সাপ্তাহিক বজাৰ আদিৰ ৰাইজক সজাগ আৰু সচেতন কৰি তোলাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰে । এই সমদল কাৰ্যসূচীত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়, জিলা সমাজ কল্যাণ বিভাগৰ লগতে অন্যান্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা