ৰঙিয়াত প্ৰশাসনৰ অবৈধ চুলাই ঘাটি উচ্ছেদ বৃহৎ পৰিমাণৰ চুলাই মদ ধ্বংস

ৰঙিয়াত প্ৰশাসনৰ অবৈধ চুলাই ঘাটি উচ্ছেদ 
বৃহৎ পৰিমাণৰ চুলাই মদ ধ্বংস 

প্ৰতিবেদক, ৰঙিয়া, ২৮ মাৰ্চ: সম্প্ৰতি বিশ্বজুৰি কৰ'না ভাইৰাচৰ আতংকই চৌদিশ চানি ধৰাত কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউন চলি থকাৰ মাজতে এচাম লোকে হঠকাৰিতাৰে অবৈধ চুলাই পান কৰি সামাজিক বিশৃংখলতাৰ লগতে এক ভয়াবহ বিপদৰ আগজাননী কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰি আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশ মৰ্মে মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত ৰিপনজ্যোতি নাথৰ নেতৃত্বত আবকাৰী বিভাগৰ এটা দলে কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰে । এক গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলটিয়ে মহকুমাটোৰ ১নং নকুল, বঙালীকুছি আৰু খৈৰাবাৰীত চলোৱা এই উচ্ছেদ অভিযান কালত এক বুজন পৰিমাণৰ চুলাই বনোৱা পচোৱা চাউল জব্দ কৰাৰ উপৰি চুলাই বিনষ্ট কৰাৰ লগতে মদৰ ঘাটিবোৰ ভাঙি লণ্ড ভণ্ড কৰে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা