বিজনীৰ বড়োবজাৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক

বিজনীৰ বড়োবজাৰত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক 

বঙাইগাঁওঃ ১১মাৰ্চঃঃ চিৰাং জিলাৰ বিজনীৰ বড়োবজাৰত আজি সন্ধিয়া সাত মান বজাত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে শুশাংক ব্ৰহ্ম (২৮) আৰু ফুংকা বসুমতাৰী (১৮) ৷ সৰবৰাহকাৰীৰ দুজনৰ ঘৰ বিজনীৰ দক্ষিণ দৈছুমগুৰী আৰু  নাংদৰবাৰীত বুলি জানিব পৰা গৈছে । আৰক্সসীয়ে সৰবৰাহকাৰী দুজনৰ পৰা দুটা মবাইল ফোন, এ এচ ১৬ জি ৮০৮৫  নম্বৰৰ এখন মটৰ চাইকেল, চিৰিঞ্জ, নগত ৭০০ টকা আৰু ৪৪০ মি:গ্ৰা ড্ৰাগছ জব্দ কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা