নলবাৰীৰ বগুৰিহাটিত ৭২ সংখ্যক বাসন্তী পূজা মহোৎসৱৰ আয়োজন

*নলবাৰীৰ বগুৰিহাটিত ৭২ সংখ্যক বাসন্তী পূজা মহোৎসৱৰ আয়োজন*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মাৰ্চ*


নলবাৰী জিলাৰ বগুৰিহাটিত এইবেলি ৩০, ৩১ মাৰ্চ, ১, ২ আৰু ৩ এপ্ৰিলত পাঁচদিনীয়াকৈ ৭২ সংখ্যক বাৰোৱাৰী বাসন্তী পূজা মহোৎসৱৰ আয়োজন চলিছে। ইতিমধ্যে দিলীপ কুমাৰ বৈশ্যক সভাপতি, নগেন তালুকদাৰক কাৰ্যকৰী সভাপতি, প্ৰদীপ তালুকদাৰ আৰু মাধৱ বৈশ্যক উপ-সভাপতি, হৰকুমাৰ তালুকদাৰক সম্পাদক, গুণমণি তালুকদাৰ আৰু ৰবি দাসক সহঃ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচীমতে ৩০ মাৰ্চৰ পুৱা ৮-৩০ বজাত উদযাপন সমিতিৰ উপদেষ্টা  অমলেন্দু শৰ্মাই ধৰ্মধ্বজা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলিব। ইয়াৰ পিছতে বৃক্ষৰোপন কৰিব প্ৰধান শিক্ষক দ্বীপেন চৌধুৰী, আবনুৰ আলী, ভৱেশ তালুকদাৰ, জাকিৰ হুছেইন, সমাজসেৱক দেৱীৰাম হালৈ, ৰোহিণী শৰ্মা, আছুনেতা দিগন্ত ভড়ালী, বগুৰিহাটি গাঁও উন্নয়ন সমিতিৰ সভাপতি অমল দাস আৰু সম্পাদক ভূপেন তালুকদাৰে। স্মৃতিতৰ্পন কৰিব স্থানীয় পঞ্চায়ত সভাপতি নাজিমদ্দিন আহমেদে। সন্ধিয়া আতচবাজী আৰু টোপধ্বনি উদ্বোধন কৰিব স্থানীয় আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভানুপ্ৰিয়া বৈশ্যই, পূজাৰ মণ্ডপৰ দ্বাৰ মুকলি কৰিব স্থানীয় জিলা পৰিষদৰ সদস্য পবিত্ৰ ডেকাই, বন্তি প্ৰজ্বলন আৰু দ্বীপজ্যোতি স্তুতিৰ ধৰ্মবন্তি প্ৰজ্বলন কৰিব উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন বেজবৰুৱাই, মংগলবন্তি প্ৰজ্বলন কৰিব অৱসৰী প্ৰধান শিক্ষক অনন্ত ভড়ালী আৰু শান্তিবন্তি প্ৰজ্বলন কৰিব বেলশৰ জিলা পৰিষদৰ সদস্য ৰীতামণি ডেকাই। ইয়াৰ পিছতে বাসন্তী দেৱীৰ কল্পাৰম্ভ, আমন্ত্ৰণ আৰু অধিবাস। ৩১ মাৰ্চৰ পুৱা নৱপত্ৰিকা প্ৰৱেশ, স্থাপন, সপ্তমী কল্পাৰম্ভ, ওজাপালি পৰিবেশন, আয়তীৰ দেৱী বন্দনা, সন্ধিয়া আৰতি প্ৰদান, আতচবাজী প্ৰদৰ্শন আৰু সম্বৰ্ধনা। ইয়াৰ পিছতে উলাবৰীৰ পাঠক মন্টু দাসে নাগাৰা নাম পৰিবেশন কৰিব। অনুষ্ঠান উদ্বোধন কৰিব আৰক্ষী বিষয়া ৰবেন বড়োই।
১ এপ্ৰিলৰ পুৱা মহাঅষ্টমী পূজা, ওজাপালিৰ বন্দনা, আয়তীৰ দেৱী বন্দনা, সন্ধিয়া আৰতি প্ৰদান আৰু আতচবাজী প্ৰদৰ্শন। ইয়াৰ পিছতে বৃন্দাবন থিয়েটাৰৰ নাট উদ্বোধন কৰিব নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই। ২ এপ্ৰিলৰ পুৱা মহানৱমী পূজা, ওজাপালিৰ বন্দনা, আয়তীৰ দেৱী বন্দনা আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতা। সন্ধিয়া আৰতি প্ৰদান, আতচবাজী প্ৰদৰ্শন আৰু সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছতে বৃন্দাবন থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাট। ৩ এপ্ৰিলৰ পুৱা দশমী পূজা আৰু অপৰাজিতা পূজা। সন্ধিয়া বৃন্দাবন থিয়েটাৰৰ তৃতীয় দৰ্শনীৰে পূজা মহোৎসৱৰ সামৰণি পৰিব। সমূহ কাৰ্যসূচীতে ৰাইজৰ সঁহাৰি উদযাপন সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা