নলবাৰী লেখিকা সমাজৰ উদ্যোগত ড° দীক্ষিতা দেৱীৰ “প্ৰৱন্ধ মঞ্জুষা” উন্মোচন

নলবাৰী লেখিকা সমাজৰ উদ্যোগত ড° দীক্ষিতা দেৱীৰ  “প্ৰৱন্ধ মঞ্জুষা” উন্মোচন



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১০ মাৰ্চ*


প্ৰৱন্ধ মানে প্ৰকৃষ্ট বন্ধন ৷ উৎকৃষ্টভাবে কোনো ভাৱনা বা চিন্তাই যেতিয়া সাত্তিক ৰূপ পৰিগ্ৰহন কৰে তেতিয়াই ই প্ৰৱন্ধ নাম পায় ৷ প্ৰকৃষ্টভাবে উৎকৃষ্ট শব্দৰ সমাবেশত লেখকৰ  মনৰ ভাবটোৱে প্ৰৱন্ধ নাম পায় ৷ অভিজ্ঞতাৰে যথাৰ্থ শব্দৰ সমাহাৰেৰে আজি নলবাৰীৰ বুকুত জন্ম পালে “প্ৰৱন্ধ মঞ্জুষা” ৷ নলবাৰী লেখিকা সমাজৰ উদ্যোগত সমাজৰ সভাগৃহতে বিশ্ব নাৰী দিৱসৰ দিনা বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডা° দীক্ষিতা দেৱীৰ “প্ৰৱন্ধ মঞ্জুষা” উন্মোচন কৰি এইদৰে কয় নলবাৰী ৰত্ন, সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই ৷ নলবাৰী জিলা লেখিকা সমাজৰ সভানেত্ৰী লক্ষ্মীৰাণী শৰ্মাৰ পৌৰাহিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি ড° নীলা ডেকা, নিৰদা চৌধুৰী, হিৰেণ শৰ্মাই ড° দীক্ষিতা দেৱীৰ গ্ৰন্থৰ ওপৰত মনোগ্ৰাহী আলোচনা কৰাৰ লগতে বিশ্ব নাৰী দিৱসৰ লগত সঙ্গতি ৰাখি অধ্যাপিকাগৰাকীৰ গ্ৰন্থ উন্মোচনে নাৰী যে যুগে যুগে সমাজৰ এক অবিচ্ছেদ্য অংগ তাক পুনৰ নলবাৰীত প্ৰমাণ কৰিলে ৷ গ্ৰন্থ উন্মোচনী সভাত নলবাৰীৰ কে'বাগৰাকীও সাহিত্যিকৰ লগতে সাহিত্যনুৰাগী উপস্থিত থাকে ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা