নলবাৰীৰ ফাৰ্ম চ'কত ভয়ংকৰ দুৰ্ঘটনা- চাৰিজন আহত

*নলবাৰীৰ ফাৰ্ম চ'কত ভয়ংকৰ দুৰ্ঘটনা- চাৰিজন  আহত*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৫ মাৰ্চ*


নলবাৰী চহৰৰ সমীপৰ ফাৰ্ম চ'কত এখন তীব্ৰবেগী ডি আই ভেনে আন এখন চুইফট ডিজায়াৰ গাড়ীত মুখামুখি ভাবে খুন্দিওৱাৰ ফলত চুইফট ডিজায়াৰখনৰ চাৰিজনকৈ যাত্ৰী গুৰুতৰভাবে আহত হয় । লক্ষণীয়ভাবে গুৱাহাটীৰ পৰা চাৰিজন বন্ধুই গৈছিল ধমধমাৰ আত্মীয়ৰ গৃহলৈ । আত্মীয়ৰ গৃহৰ পৰা উভতি আহি থকা মুহূৰ্তত নলবাৰীৰ দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডি আই ভেনে মুখামুখিকৈ খুন্দিওৱাৰ ফলত চুইফট ডিজায়াৰ খনত অহা উক্ত চাৰিজন লোক আহত হয় । আহতসকলক ততাতৈয়াকৈ নলবাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাটোত গুৱাহাটীৰ ৰমেন সেন ডেকা, ধীৰাজ ভূঞা, তেজপুৰৰ ৰমেন বৰ্মন আৰু গাড়ী চালকৰ আসনত থকা যুৱকজন গুৰুতৰভাবে আহত হৈছে বুলি জানিব পৰা গৈছে ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা