বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আপৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আপৰ অৱস্থান ধৰ্মঘট

বিধান সভাৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ 

বঙাইগাঁওঃ ৬ মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন -২০১৯ ৰ বিৰোধিতা কৰি আজি বঙাইগাঁৱত  আম আদমি পাৰ্টি(আপ)ৰ বঙাইগাঁও জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানত দিনৰ ১ বজাৰ পৰা ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ 'কা' আমি নামানো, আমি 'কা' ৰ বিৰোধিতা কৰো আদি শ্লোগান দিয়ে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে অসমত নাগৰিকত্ব সংশোধনী আইন -২০১৯ বলবৎ নকৰিবলৈ অসম বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে আৱেদন জনাই জিলা উপায়ুক্তৰ জৰিয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইপিনে বঙাইগাঁও জিলা আপৰ জিলা সমন্বয়ক ডাঃ অজয় কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ সামগ্ৰিক স্বাৰ্থৰ পৰিপন্থী ৷ সেয়ে অসম আৰু অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই জাতিধ্বংসী আইনখনৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু এই আইনখন  যাতে অসমত বলবৎ কৰা নহয় সেই সন্দৰ্ভত অসম বিধান সভাক এক প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ৷ যিহেতু বৰ্তমান অসম বিধান সভাৰ অধিৱেশন চলি আছে , সেয়ে আইনখন বলবৎ নকৰিবলৈ বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আমি বিধান সভাৰ অধ্যক্ষলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছো ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা সমিতিৰ সহঃ সমন্বয়ক বিপ্লৱ দাস আৰু মহঃ ৰেজা , জিলা সমিতিৰ সম্পাদক বিনয় ঝা আদি উপস্থিত থাকে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা