ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথত মৰণফাণ্ডত পৰিণত
ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথত মৰণফাণ্ডত পৰিণত
নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু
প্ৰতিবেদক, ৰঙিয়া, ৩ মাৰ্চঃঃ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অপূৰ্ব শৰ্মা(৩৫) নামৰ এজন যুৱকৰ মৃত্যু ঘটে ৷ বাজাজ এলায়েন্স কোম্পানীত কৰ্মৰত যুৱকজনৰ ঘৰ ৰঙিয়াৰ মূৰাৰাত ৷ প্ৰাপ্ত তথ্যমতে যোৱা নিশা ১০ বজাত যুৱকজনে নিজৰ মটৰ চাইকেলেৰে নলবাৰীৰ পৰা গৃহাভিমুখী আহি থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত পিছফালৰ পৰা এখন ট্ৰাকে প্ৰচন্ড জোৰে খুন্দা মাৰি মহতিয়াই নিয়ে৷ ফলত যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত বাগৰি পৰে।প্ৰত্যক্ষদৰ্শী একাংশ লোকে ততাতৈয়াকৈ যুৱকজনক ৰঙিয়াৰ সাহানাস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ যুৱকজনৰ মৃত্যুত ৰঙিয়াৰ মূৰাৰা অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷ আনহাতে যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা অৰ্ণৱজ্যোতি দাস(২৬) নামৰ যুৱকজনে কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ ৰঙিয়াৰ ভয়ৰা নিবাসী পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক অৰ্ণৱজ্যোতি দাসে লাচি বিষ্ণুপুৰ শংকৰদেৱ শিশু নিকেতনত শিক্ষক হিচাবে কৰ্মৰত হৈ আছিল ৷ ইতিমধ্যে দুৰ্ঘটনাটোত বাইক আৰোহী আনজন যুৱক সোণমণি কলিতাৰ ঘটনাৰ নিশাই মৃত্যু হৈছিল ৷
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।
Comments
Post a Comment