গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বৈঠক সম্পন্ন

গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বৈঠক সম্পন্ন । 

পঙ্কজ নাথ, চাংসাৰি, ১৩ মাৰ্চ :

আজি গুৱাহাটীৰ বিষ্ণুপথ স্থিত শংকৰদেৱ বিদ্যা নিকেতনত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া 'সংকল্পিতা শক্তি সংগম' অনুস্থান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ সুকলমে সম্পন্ন হয় । বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমে আহ্বান কৰা এই বৈঠকত আগন্তুক ৫ এপ্ৰিলত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া 'সংকল্পিতা শক্তি সংগম'ৰ ব্যৱস্থা সম্পৰ্কে বিশদ আলোচনা কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰান্ত প্ৰচাৰিকা নীতা দেৱীয়ে কয় যে যোৱা ৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমাৰোহখন কিছু কাৰণবশত পিছুৱাই দিয়া হৈছিল। উক্ত কাৰ্যসূচী আগন্তুক এপ্ৰিল মাহৰ ৫ তাৰিখে ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সমাৰোহত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দহ হাজাৰৰো অধিক সেৱিকাই পূৰ্ণ গণৱেশত অংশ গ্ৰহণ কৰিব। উক্ত কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ লক্ষ্য লৈ আজিৰ সভাখন আহ্বান কৰা হৈছিল ।  
সভাৰ আঁত ধৰি শিশু শিক্ষা সমিতি অসমৰ প্ৰান্ত সাংগঠনিক সম্পাদক  হেমন্ত ধিং মজুমদাৰে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এক চমু ইতিহাস দাঙি ধৰি সংগঠন দুটাই সমাজ পৰিৱৰ্তনৰ বাবে চলাই অহা নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। বিদ্যা ভাৰতীও সংঘৰ দ্বাৰা প্ৰেৰণা লৈ শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে। আমাৰ সকলোৰে উদ্দেশ্য এটাই -- সমাজক সংগঠিত কৰি নিজৰ ৰাষ্ট্ৰক উন্নতিৰ দিশে আগুৱাই লৈ যোৱা। তেখেতে সকলোকে অহা ৫ এপ্ৰিলৰ কাৰ্যক্ৰম সফল কৰাত সহযোগ কৰিবৰ বাবে আহ্বান জনায়। গুৱাহাটী বিভাগ ভিত্তিত আয়োজিত বৈঠকত বিভাগৰ আটাইকেইটা সংকুলৰ পৰা অহা ডেৰ শতাধিক আচাৰ্য-আচাৰ্যা আৰু কার্যকর্তা থকা সভাখনত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ অখিল ভাৰতীয় সহ  কার্যবাহিকা সুনীতা হালদেকৰ, শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গুৱাহাটী বিভাগৰ কার্যবাহিকা তথা শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় বালিকা শিক্ষা প্ৰমুখ কল্যাণী ঠাকুৰীয়া উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা