কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱক চৰকাৰক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ আদৰণি

বাজেটত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ

চৰকাৰক কোচ ৰাজবংশী যুৱ - ছাত্ৰ সন্মিলনীৰ আদৰণি

উন্নয়ন পৰিষদখন নতুনকৈ গঠনৰ আহ্বান

বঙাইগাঁওঃ৮ মাৰ্চঃ অসম চৰকাৰৰ ২০২০ বৰ্ষৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা দাখিল কৰা বাজেটত ' কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ' গঠনৰ প্ৰস্তাৱ লোৱাত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে অসম চৰকাৰক আদৰণি তথা ধন্যবাদ জনাইছে ৷ এক প্ৰেছ বিবৃতিত যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাহসী আৰু বলিষ্ঠ নেতৃত্বত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ সৈতে হোৱা দীৰ্ঘ দিনৰ আলোচনাৰ সফলতাৰ প্ৰথম পদক্ষেপ হিচাপে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত বি টি আৰ চুক্তিত উল্লেখ থকা সীমামুৰীয়া গাঁওৰে সৈতে একেলেঠাৰীয়ে লাগি থকা কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবোৰকো এৰি দি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰি কোচ ৰাজবংশী মানুহখিনিক নিজৰ ৰাজনৈতি, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ভূমিস্বত্ব অধিকাৰক স্বাধিকাৰত পৰিণত কৰাৰ বাবে দাবী জনায় ৷ সেইদৰে বিবৃতিটোত উল্লেখ কৰা মতে কোচ ৰাজবংশীসকলৰ দীৰ্ঘ দিনীয়া দাবী জনজাতিকৰণৰ ক্ষেত্ৰত ১৯৯৬ চনত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশযোগে কোচ ৰীজবংশীসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল ৷ কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ সেই সময়ত ভাৰত চৰকাৰে সংসদত বিধেয়কখন গৃহীত নকৰাৰ ফলত ছমাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ অনুসূচীত জনজাতিৰ মৰ্যাদা কৰ্তন হৈ যায় ৷ এই ক্ষেত্ৰত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদখন শক্তিশালী কৰিবলৈ ভাৰতীয় সংবিধানৰ দফাসমূহ কাৰ্যকৰী কৰাৰ বাবে কোচ ৰাজবংশীসকলক  অনুসুচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈকো ভাৰত চৰকাৰ আৰু অসম চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ বিবৃতিটোত সংগঠনটোৰ নেতাদ্বয়ে পুনৰ কয় যে 'কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ'ৰ গাঁঠনি ক্ষমতা আৰু কাৰ্য, এলেকা, হস্তান্তৰ কৰিবলগীয়া দপ্তৰ, মুঠ সমষ্টিৰ সংখ্যা, বিত্তীয় অনুমোদন আদি মূল বিষয়সমূহ বাজেট ভাষণত পৰিস্ফুট নোহোৱাত কোচ ৰাজবংশী সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সেয়ে এই মূল বিষয়সমূহকলৈ শীঘ্ৰে কোচ ৰাজবংশী জাতীয় সংগঠনসমূহৰ সৈতে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক বৈঠকত মিলিত হ'বলৈকো দাবী জনায় ৷ একেদৰে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ পুনৰ সক্ৰিয়কৰণৰ বিষয়টো বাজেটত  উল্লেখ নোহোৱাত কোচ ৰাজবংশী ৰাইজে উদ্বিগ্নতা প্ৰকাশ কৰা বুলিও বিবৃতিটোত উল্লেখ কৰি এই ক্ষেত্ৰত কোচ ৰাজবংশী যুৱ - ছাত্ৰ সন্মিলনীয়ে পূৰ্বৰ উন্নয়ন পৰিষদখন নতুনকৈ নিকা ভাৱমূৰ্তিৰ লোকৰ দ্বাৰা গঠন কৰিবলৈকো আহ্বান জনায় ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা