জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণেশ্বৰ নেঁওগৰ মৃত্যু

#জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণেশ্বৰ নেঁওগৰ মৃত্যু৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ :  জামুগুৰিহাটৰ বাহঁবৰীয়াচুক গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী তথা ধৰ্মপৰায়ণ ব্যক্তি পূৰ্ণেশ্বৰ নেঁওগৰ কালি মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ৷যোৱা ২৮ মাৰ্চৰ নিশা হঠাৎ হৃদৰোগত অসুস্থ হৈ পৰা নেঁওগক পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেজপুৰ আৰু পৰৱৰ্তী গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই যদিও গুৰুতৰভাৱে অসুস্থ হৈ পৰা নেঁওগে কালি নিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱণৰ পাতনি মেলা নেঁওগে ২০০৬ চনত শিক্ষকতাৰ বৃত্তিৰপৰা অৱসৰ গ্ৰহণ কৰে৷ ইংৰাজী বিষয়ৰ ওপৰত বিশেষভাৱে বৈদ্যুৎপতি থকা নেঁওগ সামাজাক কাম কাজৰ লগতো জড়িত আছিল৷গাঁৱৰ উন্নয়নমুলক কামকাজৰ লগত জড়িত নেঁওগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকৰ প্ৰাক্তন সম্পাদক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰদৰে গুৰুদায়িত্ব বহন কৰি সংঘৰ কামকাজ সুচাৰুৰূপে চলাই নিছিল৷ইয়াৰোপৰি নতুন সাহিত্য পৰিষদ জামুগুৰি আঞ্চলিকৰ প্ৰতিষ্ঠাকালৰ কাৰ্যনিৰ্বাহক সদস্য,জামুগুৰি সাহিত্য সভা,কৃষক সভা,বাঁহবৰীয়া গাঁৱৰ যুৱক সংঘৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল৷মৃত্যুৰ সময়ত নেঁওগে পত্নী,একমাত্ৰ পুত্ৰ,জীয়ৰিসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷নেঁওগৰ মৃত্যুত জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলে৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা