শিৱসাগৰত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ ক’ৰোণা ভাইৰাছ , লকডাউন সম্পৰ্কীয় গুৰুত্বপুৰ্ণ আলোচনা

শিৱসাগৰত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ ক’ৰোণা ভাইৰাছ , লকডাউন সম্পৰ্কীয় গুৰুত্বপুৰ্ণ আলোচনা


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ মাৰ্চ : ক’ৰোণা ভাইৰাছ সম্পৰ্কীয় পৰিস্থিতিৰ বুজ ল’বলৈ শিৱসাগৰত উপস্থিত অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৰণা ভাইৰাছৰ বিৰুদ্ধে লোৱা ব্যৱস্থালী সম্পৰ্কত জিলা প্ৰশাসনৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । আনহাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণকো আহ্বান জনোৱাৰ লগতে  চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰি  নিজৰ লগতে সমাজখনক এক সুস্থ পৰিবেশ সৃষ্টি কৰিবলে আহ্বান জনায় | তদুপৰি চৰকাৰে জনসাধাৰণৰ হিতৰ বাবে প্ৰনয়ন কৰা নীতি- নিৰ্দেশাক উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰে। সকলো জিলাতে উপাযুক্ত সকলৰ ওপৰি  চিকিৎসা বিভাগক সাম্ভাব্য ৰোগীক তৎকালে চিকিৎসা প্ৰদানৰ সকলো সুবিধা কৰিবলৈ স্বাস্থ্য বিভাগ সস্তম কৰি ৰখাৰ  ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় । শিৱসাগৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু  ৰাজহ মন্ত্ৰী যোগেন মহনে  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰে  মিলিত হৈ জিলা জিলাকেইখনত তৃক্ষ্ণ দৃষ্টি ৰখাৰ গুৰুত্ব প্ৰনাদ কৰে । সর্বসাধাৰন ৰাইজৰ কাষত যাতে সময়মতে সকলো ব্যৱস্থৰে  উপস্থিত হয় তাৰো নিৰ্দেশ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা