বঙাইগাঁওৰ অভয়াপুৰীত উচ্চেদ চোৰাং কাঠৰ ৰমৰমিয়া বেহা
বঙাইগাঁওৰ অভয়াপুৰীত উচ্চেদ চোৰাং কাঠৰ ৰমৰমিয়া বেহা
১১/০৩/২০২০
অভয়াপুৰীত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ অভয়াপুৰী অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাইছিল অবৈধ কাঠৰ বেহা৷ এই কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভয়াপুৰী বন বিভাগে তীব্ৰ অভিযান।
বুধবাৰে অভয়াপুৰী অঞ্চলৰ কুশবাৰীত অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় ৪০ হাজাৰ টকাৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে।
জানিব পৰা মতে, অভয়াপুৰী অঞ্চলবোৰত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছিল কাঠৰ বেহা৷ সেই তথ্য লাভ কৰি অভয়াপুৰী বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে কাঠ কুণ্ডাখিনি আৰু উচ্ছেদ কৰে এটা কাঠৰ মিল৷
*ৰাতুল দেৱ, বইটামাৰী, বঙাইগাঁও*
Comments
Post a Comment