কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধক লৈ ৰঙিয়াত পৰিবহন বিভাগ আৰু পৰিবহন সন্থাৰে মহকুমা প্ৰশাসনৰ বৈঠক

কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধক লৈ ৰঙিয়াত পৰিবহন বিভাগ আৰু পৰিবহন সন্থাৰে মহকুমা প্ৰশাসনৰ বৈঠক 

যাত্ৰীবাহী বাছ সমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চেনিটাইজড্ কৰাটো অত্যন্ত জৰুৰী—মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ

প্ৰতিবেদক, ৰঙিয়া , ২০ মাৰ্চঃ অনুষ্ঠান-প্ৰতিষ্ঠান, অফিচ-কাছাৰী, বাট-পথ, ঘৰখনৰ লগতে  যান-বাহন সমূহো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব দিয়া উচিত । অস্বাস্থ্যকৰ যাত্ৰীবাহী বাছে বিপদ মাতিব । যান-বাহন সমূহ পৰিস্কাৰকৈ ধুই চেনিটিইজদ্ কৰি ৰাখক । বিশ্বজুৰি সংহাৰি ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাচ প্ৰতিৰোধকৰণৰ বাবে   জিলা পৰিবহন বিভাগ আৰু পৰিবহন সংস্থাসমূহৰ সৈতে অনুষ্ঠিত সজাগতামূলক এক গুৰুত্বপূৰ্ণ বৈঠকত এইদৰে কয় ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ।উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কালি নিশা অনুষ্ঠিত এই বৈঠকত মহকুমাটোৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে যাত্ৰীবাহী বাছ সমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চেনিটাইজড্ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে বুলি মন্তব্য কৰে । বাছ আৰু ৰে'ল আস্থানত ই-ৰিক্সাসমূহৰ অহেতুক যানজটঁ ৰোধ কৰিবলৈ মহকুমা আৰক্ষী বিষয়াক আহ্বান জনায় । তদুপৰি, যিহেতুকে ৰঙিয়া মহকুমাটি ভূটানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী , সেয়েহে বাছমালিক সকলক একেবাৰে সীমান্তলৈ বাছসমূহ নিয়াটো বাৰণ কৰিবলৈও জনায় ডাঃ তালুকদাৰে । বৈঠকত ভাগ লৈ কামৰূপৰ জিলা পৰিবহন বিষয়া গৌতম দাসে প্ৰতিটো টিপৰ মূৰে মূৰে বছৰসমূহৰ  মজিয়া, হেণ্ডেল, চিট কভাৰ, দুৱাৰ-খিৰিকি আদি পৰিস্কাৰ পানীৰে ধুই চাফা কৰি চেনিটাইজড্ কৰাৰ ওপৰি চালক, কনডাক্তৰ আৰু হেণ্ডিমেনসকলক  মাস্ক্ পৰিধান আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিবলৈ কয় । জিলা পৰিবহন বিষয়া দাসে বিভিন্ন পৰিবহন  সংস্থাৰ প্ৰতিনিধিৰ আগত অৱগত কৰে যে, প্ৰতিকূল পৰিবেশৰ পৰিপ্ৰেক্ষিতত যাত্ৰীবাহী বাছসমূহত প্ৰতিগৰাকী যাত্ৰীৰ মাজত ব্যৱধান ৰাখিব লাগিব  আৰু হেচাঁ-থেলা কৰি বাছৰ ভিতৰত  থিয় কৰাই যাত্ৰী নিয়াটো বন্ধ কৰি আসন অনুযায়ী যাত্ৰী কঢ়িয়াব লাগিব, অন্যথা বিধিগত ব্যৱস্থা লোৱা হ'ব । প্ৰতিখন বাছতে পৰ্য্যাপ্ত পৰিমাণে হেণ্ড চেনিটাইজাৰ ৰখাৰ লগতে যাত্ৰীসকলক ইয়াৰ প্ৰয়োজনীয় টোপাল যোগান ধৰিবলৈ তেখেতে নিৰ্দেশ দিয়ে । বাছসমূহক  যাত্ৰী নমোৱাৰ পিছত একেটাস্থানতে ৰৈ নাথাকি তৎক্ষণাত সেই স্থানৰ পৰা প্ৰস্থান কৰাবলৈ বাছমালিকসকলক জিলা পৰিবহন বিষয়াগৰাকীয়ে কাঢ়া নিৰ্দেশ দিয়ে । তেখেতে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ ৬৯১৩৩৪৭৭৭০/১/২/৩ আৰু ১০৪ টেলিফোন নম্বৰ কেইটা  কৰ'না ভাইৰাচ সন্দৰ্ভত যোগাযোগৰ বাবে  উল্লেখ কৰে । বৈঠকত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চৈয়দ চফিকুল হ'কে কৰ'না ভাইৰাচৰ উৎপত্তি, লক্ষণসমূহ, কিদৰে বিয়পে আৰু ল'বলগীয়া সাৱধানতা সম্পৰ্কে সাৱলীলভাৱে বুজাই দিয়ে । এই বিশেষ সজাগতামূলক বৈঠকত মহকুমা আৰক্ষী বিষয়া কংকণ কুমাৰ নাথ, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনালি জৈন, নিৰ্বাচন বিষয়া ৰিপন জ্যোতি নাথ, সহকাৰী আয়ুক্ত চম্পক ডেকা,মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা, যান-বাহন পৰিদৰ্শক নয়িম উদ্দিন আহমেদ, এনফৰ্চমেণ্ট পৰিদৰ্শক ৰমাকান্ত পাছি, পৌৰসদস্য দ্বীপেন চক্ৰৱৰ্তী, ৰঙিয়া টাউন বিজেপিৰ উপ-সভাপতি উত্তম পাল, গৱেষণা সহায়ক বিনোদ ৰহাং, নজৰৎ সহায়ক নৃপেন কলিতা প্ৰমূখ্যে মহকুমা প্ৰশাসন আৰু পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে গুৱাহাটী-ৰঙিয়া-দৰং বাছ সন্থা, বাইহাটা চাৰিআলি ট্ৰেকাৰ-চুম' সন্থা, বাইহাটা চাৰিআলি - গোৰেশ্বৰ   ট্ৰেকাৰ সন্থা, ৰঙিয়া-দৰং বাছ সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা