আজিৰে পৰা নলবাৰীৰ গন্ধিয়াত অষ্টবিংশতিতম্‌ বাৰ্ষিক শ্ৰীশ্ৰীনৱগ্ৰহ মহাযজ্ঞৰ আয়োজন

*আজিৰে পৰা নলবাৰীৰ গন্ধিয়াত অষ্টবিংশতিতম্‌ বাৰ্ষিক শ্ৰীশ্ৰীনৱগ্ৰহ মহাযজ্ঞৰ আয়োজন*



*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৪ মাৰ্চ*




নলবাৰী জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ জ্যোতিষ চৰ্চাৰ প্ৰানকেন্দ্ৰ গন্ধিয়াত আজিৰে পৰা ৪, ৫, ৬ আৰু ৭ মাৰ্চত চাৰিদিনীয়া কাৰ্যসূচীৰে অষ্টবিংশতিতম্‌ শ্ৰীশ্ৰীনৱগ্ৰহ মহাযজ্ঞৰ আয়োজন কৰিছে ৷ এই উপলক্ষে পৰেশ চক্ৰৱৰ্তীক সভাপতি, শ্ৰীকান্ত শৰ্মা, বিজয় প্ৰসাদ শৰ্মাক উপ-সভাপতি, দুলাল চন্দ্ৰ শৰ্মাক কাৰ্যকৰী সভাপতি, অশোক শৰ্মাক প্ৰধান সম্পাদক হিচাপে লৈ এখন যজ্ঞ পৰিচালনা সমিতি গঠন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি ৪ মাৰ্চৰ পুৱা ১০-৫০ বজাত যজ্ঞৰ আভ্যুদায়িক শ্ৰাদ্ধ, ২-৫০ বজাত মহাযজ্ঞৰ প্ৰতিমা স্থাপন, সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন কৰিব জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ নিশা ৮-৩০ বজাত মহাযজ্ঞৰ শুভ গন্ধাধিবাস, ৯ বজাত আধুনিক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা ৷ ৫ মাৰ্চৰ পুৱা ৪-৫০ বজাত প্ৰভাত ফেৰী, ১০-৩০ বজাত মহাযজ্ঞৰ ধৰ্মধজ্বা উত্তোলন কৰিব গন্ধিয়া নৱগ্ৰহ দেৱালয়ৰ প্ৰধান আচাৰ্য পংকজ লোচন শৰ্মাই ৷ ১১-৫০ বজাত গ্ৰহ দেৱতাৰ পূজাৰে মহাযজ্ঞৰ শুভাৰম্ভ ৷ দিনৰ ১২-৫৫ বজাত আহুতি প্ৰদান, ১ বজাত ভাগৱত পাঠ, ১-৩০ বজাত ওজাপালি প্ৰদৰ্শন ৷ সন্ধিয়া ৫ বজাত অকনিৰ স'তে ধেমালিৰে উভতি যাও ল’ৰালীলৈ অনুষ্ঠান, নিশা ৮ বজাত যাত্ৰাভিনয় ৷ ৬ মাৰ্চৰ পুৱা ১০ বজাত অবিৰত গ্ৰহ পূজা আৰু আহুতি প্ৰদান, ১২ বজাত “মানৱ জীৱনৰ ওপৰত গ্ৰহৰ প্ৰভাৱ” বিষয়ক ধৰ্মালোচনী সভাৰ সঞ্চালনা কৰিব কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰীৰ উপাচাৰ্য ড° দিপক কুমাৰ শৰ্মাই ৷ ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী, আলোচক মণ্ডলী হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাহিত্যচাৰ্য তথা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড°পৰাগ কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড° অৱনী ভাগৱতী, অসম জ্যোতিষ সভাৰ সঞ্চালক ড° অনিল বৰুৱা ৷ বিয়লি ৩ বজাত সমন্বয় গোষ্ঠী বৰঢুলীয়া দল, দতকুছিৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন, সন্ধিয়া ৭-৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন ৷ ৭ মাৰ্চৰ পুৱা ১০-৪০ বজাত অবিৰত গ্ৰহ পূজা আৰু আহুতি প্ৰদান, দিনৰ ১২-৫৬ বজাত মহাযজ্ঞৰ পূৰ্নাহুতি প্ৰদান অনুষ্ঠানটি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিব অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ বিয়লি ৩ বজাত ঢুলীয়া প্ৰদৰ্শন, নিশা ৯ বজাত সাংস্কৃতিক আৰু কৌতুক অনুষ্ঠান উদ্ধোধন কৰিব জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই ৷


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা