নলবাৰীৰ নিজ পকোৱাৰ ঐতিহাসিক হৰি মন্দিৰৰ ১২০ বছৰীয়া প্ৰতিষ্ঠা দিৱস আৰু হৰি পূজাৰ সফল সামৰণি

নলবাৰীৰ নিজ পকোৱাৰ ঐতিহাসিক হৰি মন্দিৰৰ ১২০ বছৰীয়া প্ৰতিষ্ঠা দিৱস আৰু হৰি পূজাৰ সফল সামৰণি


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৭ মাৰ্চ*


নলবাৰী জিলাৰ ২৭ নং পানীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত নিজ পকোৱা গাঁওৰ তাঁতিপাৰা চুবুৰীস্থিত ঐতিহাসিক হৰি মন্দিৰৰ ১২০ বছৰীয়া প্ৰতিষ্ঠা দিৱস আৰু হৰি পূজাখন আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ পুৱা ৭ বজাত চাফাই কামৰ পিচত পুৱা ৮ বজাত গছপুলি ৰোপন কৰে তাঁতিপাৰা চুবুৰীৰ জেষ্ঠ খেতিয়ক প্ৰমোদ সাউদে ৷ ৯.৩০ বজাত পূজাৰম্ভ হৈ স্থানীয় তাঁতিপাৰা চুবুৰীৰ মিলিজুলি নামতী দলৰ দ্বাৰা নাম পৰিৱেশন কৰি দিনৰ ২ বজাত পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণৰ লগে লগে সিদ্ধ ভোগ বিতৰণ কৰা হয় ৷ বিয়লি ৫ বজাত ১২০ বছৰীয়া জহি খহি যাবলৈ উপক্ৰম হোৱা এই প্ৰাচীন তথা ঐতিহাসিক মন্দিৰটোৰ পুনৰ নিৰ্মানাৰ্থে এক সমূহীয়া আলোচনা সভা এখনো অনুষ্ঠিত হৈ যায় ৷ সভাখন সভাপতিত্ব কৰে পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন্দ্ৰ ৰাম সাউদে ৷ যুৱ সমাজকৰ্মী তথা নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক ৰূপক বৈশ্যই সামগ্ৰিকভাৱে অনুষ্ঠানটোৰ আঁত ধৰাৰ উপৰিও সভাখনৰ উদ্দেশ্যও ব্যাখ্যা কৰে ৷ মন্দিৰৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে নলবাৰীৰ বিশিষ্ট চিত্ৰশিল্পী খচনুৰ আহমেদকে আদি কৰি পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ দত্ত, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক তথা নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক আলতাফ হুচেইনৰ   লগতে ডা৹ কৈলাশ শৰ্মা, নিলীমা শৰ্মা, ডা৹ চক্ৰেশ্বৰ শৰ্মা, ভগবান শৰ্মা, চন্দন শৰ্মা, গিয়াচু্দ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও শুভাকাংক্ষীয়ে ৷ উল্লেখ্য যে খচনুৰ আহমেদ, গিয়াচুদ্দিন আহমেদ, উমেশ দত্ত আৰু গজেন্দ্ৰ ৰাম সাউদক একোখনকৈ গীতা, এযোৰকৈ তামোল পান আৰু একোখনিকৈ ফুলাম গামোচাৰে সন্মান জনোৱা হয় ৷ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে ডা৹ কৈলাশ শৰ্মাই ৷ সন্ধিয়া ৬.১৫ আতচবাজী প্ৰদৰ্শন কৰা হয় ৷ সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা ওজাপালি প্ৰদৰ্শনৰে নিশা প্ৰায় ৯.৪৫ বজাত উক্ত প্ৰতিষ্ঠা দিৱস আৰু হৰি পূজাখনৰ সামৰণি পৰে ৷ 


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা