১৪ আৰু ১৫ মাৰ্চত নিখিল বাথৌ মহাসভাৰ মাইনাও হানজাৰ কেন্দ্ৰীয়ভাৱে আলোচনাচক্ৰৰ আয়োজন

১৪ আৰু ১৫ মাৰ্চত
নিখিল বাথৌ মহাসভাৰ মাইনাও হানজাৰ কেন্দ্ৰীয়ভাৱে আলোচনাচক্ৰৰ আয়োজন

সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ মাৰ্চঃ নিখিল বাথৌ মহাসভাৰ মাইনাও হানজা (মহিলা শাখা)ৰ উদ্যোগত অহা ১৪ আৰু ১৫ মাৰ্চত আমিনগাঁৱৰ বাথৌগুৰি থানসালিত কেন্দ্ৰীয়ভাৱে তৃতীয় সংখ্যক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। নিখিল বাথৌ মহাসভাৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰৰ স'তে সংগতি ৰাখি বৰ্ণাধ্য বড়ো জনগোষ্ঠীয় ধৰ্মীয়-সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰাৰ বাবেও আয়োজন কৰা হৈছে। কাৰ্যক্ৰমণিকা অনুসৰি, ১৪ মাৰ্চত দিনৰ ৭ বজাত বাথৌ থানসালি শুদ্ধিকৰণ আৰু প্ৰসাদ অৰ্পন, ৯ বজাৰ পৰা সমূহীয়াভাৱে বাথৌ আৰ'হ পৰিৱেশন, ১০ বজাত ভোজনালয়ৰ দ্বাৰ উদঘাটন কৰিব শৰাইঘাট জিলা পৰিষদ সমষ্টিৰ সদস্য নয়ন বৰাই, ১০:৩০ বজাত আলোচনাচক্ৰ আৰু সভাথলীৰ দ্বাৰ উদঘাটন কৰিব ধুপাতাৰি গাঁও পঞ্চায়তৰ সভাপতি কুশল কলিতাই, ১১ বজাত প্ৰতিনিধি শিবিৰৰ দ্বাৰ উদঘাটন কৰিব ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়তৰ সভাপতি পংকজ ৰামচিয়াৰীয়ে, আবেলি ২ বজাৰ পৰা প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু প্ৰতিনিধি আদৰণি আৰু বিয়লি ৫ বজাৰ পৰা বাথৌ আৰ'হ পৰিৱেশন কৰা হ'ব, সন্ধিয়া ৬:৩০ বজাৰ পৰা নিখিল বাথৌ মহাসভাৰ মাইনাও হানজাৰ সভানেত্ৰী ফুলমতী লাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া আলোচনাচক্ৰ উদ্বোধন কৰিব নিখিল বাথৌ মহাসভাৰ মুখ্য সাংগঠনিক সম্পাদক কান্তেশ্বৰ বৰগয়াৰীয়ে। আলোচকৰূপে বক্তৃতা প্ৰদান কৰিব জি কে বি মহাবিদ্যালয়ৰ অধ্যক্ষ জুনু স্বৰ্গীয়াৰী আৰু সমগ্ৰ শিক্ষা অভিযান, অসমৰ কনছালটেণ্ট মীনা খেৰকটাৰীয়ে। ১৫ মাৰ্চৰ দিনৰ ৬ বজাত বাথৌ থানসালি শুদ্ধিকৰণ, ৭ বজাত সমূহীয়া বাথৌ আৰ'হ পৰিৱেশন, ৯ বজাত পতাকা উত্তোলন,৯:৩০ বজাত স্মৃতি তৰ্পন কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰিব ক্ৰমেঃ নিখিল বাথৌ মহাসভাৰ মাইনাও হানজাৰ সভানেত্ৰী ফুলমতি লাহাৰী আৰু উপ-সভানেত্ৰী কবিতা বসুমতাৰীয়ে, দিনৰ ১১ বজাত ফুলমতি লাহাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব নিখিল বাথৌ মহাসভাৰ উপদেষ্টা ঘনশ্যাম স্বৰ্গীয়াৰীয়ে। সভাত অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি, নিখিল বাথৌ মহাসভাৰ সভাপতি পৰমেশ্বৰ ব্ৰহ্মই মুখ্য বক্তা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক তথা সাহিত্য একাডেমি বঁটা বিজয়ী সাহিত্যিক ড° স্বৰ্ণপ্ৰভা চৈনাৰী, নিখিল বাথৌ মহাসভাৰ মুখ্য সম্পাদক বসন্ত স্বৰ্গীয়াৰী, উপ-সভাপতি কৃষ্ণকান্ত বড়োৱে নিৰ্দ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰিব। সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব বেজেৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব দাস, ধুপাতাৰি পঞ্চায়তৰ কাউণ্সিলৰ জিতেন্দ্ৰ লহকৰ আৰু লাচিতগড় গাঁও পঞ্চায়তৰ সদস্য তুনু বড়োৱে, বিয়লি ৪ বজাত লক্ষ্মী আদৰণি আৰু ৫ বজাত পতাকা অবনমিত কৰি দুদিনীয়া কাৰ্যক্ৰমণিকাৰ অন্ত পেলাব। দুয়োটাদিনৰ কাৰ্যক্ৰমণিকাতে সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ তথা সহায়-সহযোগিতাৰ আহ্বান জনাইছে নিখিল বাথৌ মহাসভাৰ মুখ্য সম্পাদক বসন্ত স্বৰ্গীয়াৰীয়ে প্ৰেছ বিজ্ঞপ্তিত।

প্ৰতিবেদকঃ সঞ্জীৱ দাস, ভৱানীপুৰ,

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা