শিৱসাগমুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক

*শিৱসাগমুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক* 


 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাৰ , ২৩ মাৰ্চ : শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক।যোৱা ১৯ মাৰ্চ তাৰিখৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছিল নেতা গৰাকী।যোৱা বছৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এক গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে।১১ ডিচেম্বৰ তাৰিখে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক।লগতে শিৱসাগৰ আৰক্ষীক ৪ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল । কালি চাৰি দিন উকলি যোৱাৰ পাছত আজি হাজিৰ কৰা হয় নেতা গৰাকীক । গোচৰ সন্দৰ্ভত ন্যায়ালয়ে আদেশ জাৰি কৰিব।উল্লেখযোগ্য যে অনুৰূপ এক গোচৰ ৰুজু কৰা হৈছিল গোৰিসাগৰ থানাত।১৫৪/১৯ নং গোচৰত গৌৰিসাগৰ থানাই অখিলক গগৈক গ্ৰেপ্তাৰ কৰাৰ আৱেদন দিয়াৰ লগতে জেৰাৰ বাবে জিম্মাত বিচাৰিছিল । আজি উক্ত গোচৰৰো শুনানী আৰু আদেশ ১৪ দিনৰ পাছত দিয়াৰ সম্ভাৱনা আছে । 

অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা