শুৱালকুছিত ডাম্পাৰ ট্ৰেক্টতৰৰ দৌৰাত্ম অতিষ্ঠা পথচাৰী

শুৱালকুছিত ডাম্পাৰ ট্ৰেক্টতৰৰ দৌৰাত্ম অতিষ্ঠা পথচাৰী, ভয়বাহ প্ৰদূৰ্ষণৰ সন্মুখিন স্থানীয় ৰাইজ,  অতি সিঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাৱী ছাত্ৰ সন্থাৰ। 

পঙ্কজ নাথ, চাংসাৰি, ৩ মাৰ্চঃ 

কামৰূপ জিলাৰ হাজো বন বিভাগৰ অধিনৰ  পাহাৰসমূহ এতিয়া বনদস্যুৰ তাণ্ডৱ । প্ৰতিখন পাহাৰতেই এতিয়া বনদস্যুৰ ললুপু দৃষ্টি । বিশেষকৈ দামপুৰৰ প্ৰতিখন পাহাৰৰ লগতে বংশৰৰ আৰু শুৱালকুছি পাহৰসমূহতো বনদস্যুয়ে নিৰ্ভয়ে দিনে নিশাই পাহাৰ কাটি টকলা কৰা দেখিবলৈ পোৱা গৈছে । ইয়াৰ লগতে যোৱাকিছুদিন ধৰি  কামৰূপৰে শ্ৰী হাটীৰ বুৰঞ্জী প্ৰসিদ্ধ গোৱৰ্ধন পাহৰখনতো এইসকল বনদস্যুয়ে পাহাৰৰ ৰঙামাটি লগতে পাহৰখনত থকা বহু মূল্যবান গছ কাটি নিঃশেষ কৰিছে গোৱৰ্ধন পাহৰখনৰ অস্বিত্ব । দিনে নিশাই এনেদৰে উত্তৰ কামৰূপৰ হাজো বনবিভাগৰ অধিনৰ এই পাহাৰসমূহ কাটি টহলং কৰাৰ পিচতো হাজো বন বিভাগ মৌন হোৱা ঘটনাই সাধৰন ৰাইজৰ মাজত বন বিভাগৰ দূৰ্বলতাহে প্ৰকাশ পাইছে । পাহাৰৰ ৰঙা মাটিত সমানে সমানে মহাবাহু বহ্মপুত্ৰৰ বুকুত একাংশ ভূ-মাফিয়াই নদীৰ পলসুৱা আৰু বালিমাটি অবৈধ ভাৱে  পৰিবহন কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছে অঞ্চলসমূহৰ স্থানীয় ৰাইজ । কোনোধৰনৰ চৰকাৰী অনুমতি অৱিহনে শুৱালকুছি নদী আৰক্ষীৰ অধীনৰ দদৰা, দলিবাৰী, শিঙিমাৰী, গন্ধমৌ, ৰৌমাৰী,পছৰীয়া, বংশৰ , শুৱালকুছি ,শ্ৰী হাটী, লাঁহ,বামুন্দীকে ধৰি বিভিন্ন স্থানত দিনে নিশাই শ শ ট্ৰেক্টৰ  আৰু কিছুমান স্থানত দাম্পাৰ ব্যৱহাৰ কৰি চৰকাৰী অনুমতি নোহোৱাকৈ নদীৰ বগা মাটিৰ ৰমৰমীয়া অবৈধ ব্যৱসায়ত চলাই  থকা দেখিবলৈ পোৱা গৈছে ।দিনে নিশাই শুৱালকুছি গুৱাহাটী মূল পথৰ ওপৰৰে এনেদৰে দাম্পাৰ আৰু ট্ৰেক্টৰ সমূহ চলাই পথচাৰি লগত স্কুললৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সমূহৰ বাবে অতি বিপদজনক হৈ পৰিছে । ইতিমধ্যে দাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্মত কেইবটাও দূৰ্ঘটনা সংঘটিত হোৱাৰ লগতে মৃত্যুও হৈছে কেইবাজন লোকৰ । অন্যহাতে মূল পথছোৱত এই অবৈধ ভাৱে মাটি কঢ়িয়াই থকা বাবে সমগ্ৰ অঞ্চলটোতে এক ধূলিময় পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে । যাৰ পৰিনিতিত সেই মূল পথৰে দুচকীয়া বাহন ,চাইকেল লগত পথচাৰী সকলৰ ভিষন সমস্যাৰ সন্মুখিন হৈছে । সাধৰন লোকসকল বাবে শুৱালকুছি শিঙিমাৰী গুৱাহাটীলৈ যোৱা মূল পথটি এতিয়া যমদূত ৰূপ ধাৰন কৰিছে। কিছুদিন পূৰ্বে এই সন্দৰ্ভত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যক  অবৈধ বগা আৰু ৰঙামাটি পৰিবহন বন্ধ কৰাৰ দাৱীত স্মাৰক প্ৰত্ৰ প্ৰদান কৰিছিল ।সেই স্মাৰক প্ৰত্ৰ গ্ৰহন কৰি উপায়ুক্ত কমল কুমাৰ বৈশ্যই সাংৱাদিক তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটিক অতি সিঘ্ৰে  জিলাখনৰ চাৰিওফালে  অবৈধ ভাৱে পাহাৰখনন কৰি ৰঙামাটি পৰিবহন কৰা আৰু নদীৰ বুকুত অবৈধ ভাৱে খনন কৰি বগামাটি সৰবৰাহ কৰা বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰিছিল । কিন্ত উপায়ুক্ত গৰাকীৰ ছাত্ৰ সন্থাক প্ৰদান কৰা আশ্বাস আজিলৈকে আশ্বাসতে সীমাবদ্ধ হৈ থাকিল । সেয়েহে পুনৰ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্য, উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডিএফঅ' দিপক ডেকা, হাজো বন বিভাগৰ বনবিষয়া মৃনাল মেধি তথা শুৱালকুছি নদী আৰক্ষী বিষয়া ভগৱান কলিতাক অতি সিঘ্ৰে শুৱালকুছি , শিঙিমাৰী,দদৰা,ৰৌমাৰী, গন্ধমৌ,বাথান,শ্ৰী হাটি আদি অঞ্চলত অবৈধ ভাৱে পাহাৰৰ ৰঙামাটি আৰু নদীৰ বগামাটিৰ অবৈধ ব্যৱসায়খন বন্ধ কৰাৰ বাবে দাৱী উত্থাপন কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা