ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন। 

পঙ্কজ নাথ, চাংসাৰি, ১৫ মাৰ্চ :

গুৱাহাটীৰ নাৰায়ণ নগৰস্থিত আলোক ভৱনত কালি ১৪ মাৰ্চত বিয়লি ৫  বজাৰ পৰা ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন অনুষ্ঠিত হৈ যায় । বিশিষ্ট সমাজসেৱী তথা কৰ্মযোগিনী মিনতি বৰঠাকুৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা  এই সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বেংলোৰ NAAC (National assessment and Accreditation Council ) ৰ deputy advisor ডঃ লীনা গাহানে।  ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গুৱাহাটী বিভাগৰ বৌদ্ধিক প্ৰমুখ প্ৰণামিকা শৰ্মাই সঞ্চালন কৰা  অনুষ্ঠানটিত প্ৰাস্তৱিক ভাষণ আগবঢ়ায় ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গুৱাহাটী মহানগৰৰ কার্যবাহিকা সীমন্তিনি বৰুৱাই। সমাজ প্ৰবোনত  প্ৰবুদ্ধ মহিলাৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কে বিশদ ৰূপত ডঃ লীনা গাহানেই মাৰ্গ দৰ্শন কৰে। এগৰাকী জেষ্ঠ তথা অভিজ্ঞ শিক্ষাবিদ আৰু সমাজ সেৱিকা হিচাপে তেখেতে ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ অৱদান আৰু ত্যাগৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সাৱলীল বক্তব্য  দাঙি ধৰে । ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে কিদৰে জন্ম লগ্নৰে পৰা স্ত্ৰী শক্তি জাগৰণৰ বাবে অবিৰত কাৰ্য কৰি আহিছে এই সম্পৰ্কেও তেখেতে সুন্দৰকৈ বক্তব্য ৰাখে।সন্মিলনত সুৰীয়া কণ্ঠত এটি দেশপ্ৰেম মূলক গীত পৰিবেশন কৰে তেজস্বীনি ওৰাঙে। সাম্প্ৰতিক সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ সমাজৰ কাম কাজ সমূহো আপোন দক্ষতাৰে আগবঢ়াই নিবলৈ সভাৰ অধ্যক্ষা মিনতি বৰঠাকুৰ বাইদেউৱে বক্তব্য দাঙি ধৰে । অনুষ্ঠানটিৰ সংযোজিকা ডঃ নীলিমা ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায় উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ মহান উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে সময়ে সময়ে যোজনাবদ্ধ ভাবে  সমাজৰ দিশ নিৰ্ণয় কাৰী এনে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আগন্তুক এপ্ৰিল মাহৰ ৫ তাৰিখে খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আবেলি ৩ বজাত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত আয়োজন হব লগা *সংকল্পিতা শক্তি সংগম* সফল কৰাৰ বাবেও এই কার্যক্রমত আহ্বান জনোৱা হয় বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা