মঙ্গলবৰীয়াত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান মহাযজ্ঞ উদযাপন

মঙ্গলবৰীয়াত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান মহাযজ্ঞ উদযাপন ।
----------------------------------------
পৱিত্ৰ ভাগৱতৰ উদ্দেশ্য ব্যাখ্যা পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰী । 
----------------------------------------
ভিন্ন প্ৰান্তৰ বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় ।
----------------------------------------
ফাষ্ট নিউজ, জামুগুৰিহাট ,১৬ মাৰ্চ
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত মঙ্গলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ কিছু নিলগত অৱস্থিত পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীৰ নিজ বাসগৃহত সাতদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ শ্ৰী শ্ৰী ভাগৱত জ্ঞান মহাযজ্ঞভাগ অনুষ্ঠিত কৰে । কাৰ্যসূচী অনুসৰি যোৱা শুক্ৰবাৰে পুৱা ৭ বজাত সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ ধৰ্মধ্বজাভাগ উত্তোলন কৰে । তাৰপিছত মহিলাসকলে প্ৰত্যেকেই এটা মাটিৰ কলহ শিৰত লৈ বৰুণ আহ্বান তথা জলযাত্ৰালৈ পৱিত্ৰ জীয়া ভৰলী নৈৰ পাৰলৈ বুলি যাত্ৰা আৰাম্ভ কৰে সকলো ভক্তপ্ৰাণ ৰাইজে । ইয়াৰ পাছত ভক্তিভাৱেৰে পুজা-অৰ্চনাৰ নিয়ম অনুসৰি পৱিত্ৰ ভাগৱতভাগ মণ্ডপত স্থাপন কৰি ভাগৱত পাঠৰ কাৰ্য্যসূচী আৰাম্ভ কৰে । নেপালী সম্প্ৰদায়ৰ মহিলাসকলে প্ৰত্যেকেই অসমীয়াৰ স্বাভীমান গামোছা কান্ধত লৈ পৰিৱেশন কৰা ডবা-শঙ্খ, খোল-বৰতাল, নেগৰাৰ ধ্বনিৰ লগতে হৰি নামৰ ধ্বনিৰে দিনে নিশাই ভাগৱত পাঠ মহাযজ্ঞভাগ পালন কৰা দেখা গ'ল । উক্ত পৱিত্ৰ অনুষ্ঠানভাগত কথা ব্যাখ্যা তথা ভাগৱতৰ প্ৰবচন পাঠ কৰে পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীয়ে । তেওঁ বহুমূলীয়া মন্তৱ্যৰ জৰিয়তে বৰুণ আহ্বান আৰু ভাগৱতৰ মূল উদ্দেশ্য ব্যক্ত কৰে । তেওঁ কয় যে - "বৰুণ দেৱতা জলৰ অধিপতি দেৱতা । জল আমাৰ জীৱন । জল শুদ্ধি হ'লে আমাৰ জীৱন শুদ্ধ হয় । সেইকাৰণে জলৰ শুদ্ধি বৰুণ আহ্বানৰ মূল লক্ষ্য । আনহাতে ভাগৱতৰ মূল উদ্দেশ্য হ'ল যে - ভকতি, ভকত, ভগবন্তসহ আৰু সন্তস এই চাৰিস্তম্ভক যদি আমি আমাৰ সমাজত প্ৰত্যেক সমাজৰ শ্ৰেণীয়ে যদি আহৰণ কৰি সেইটো যদি আত্মসাৎ কৰে তেনেহ'লে আমাৰ গোটেই জীৱন-যাপন সংস্কাৰময়, সংস্কৃতিময় হৈ যাব আৰু আমাৰ সমাজ আকৌ পুৰণি যিটো পাঁচ হেজাৰ বছৰ যি সংস্কৃতি আমি তালৈ উভতি যাব পাৰিম । আমাৰ মাজত যি ঘাট-প্ৰতিঘাট, দণ্ড-প্ৰতিদণ্ড, অনেক অপায়-অমঙ্গল সেই গোটেইখিনি আতৰি আকৌ আমি সুন্দৰ সুস্থ সবল সমাজ গঠন কৰিব পাৰিম ।" উক্ত ভাগৱত মহাযজ্ঞভাগ অহা দেওবাৰে সম্পন্ন হোৱাৰ  লগতে অহা বুধবাৰে নন্দোৎসৱ আৰু বৃহস্পতিবাৰে শ্ৰী কৃষ্ণৰ ৰামলীলা উদ্ধিত অনুষ্ঠানটিত সকলোৰে উপস্থিতি একান্তভাৱে কামনা কৰে ।জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা