ৰঙিয়াত চৰকাৰী সাহায্যৰ ব্যপক প্ৰস্তুতিআজিৰ পৰা খাদ্য সামগ্ৰী বিতৰণ

ৰঙিয়াত চৰকাৰী সাহায্যৰ ব্যপক প্ৰস্তুতি
আজিৰ পৰা খাদ্য সামগ্ৰী বিতৰণ 

প্ৰতিবেদক, ৰঙিয়া ৩০ মাৰ্চঃ ভয়াবহ ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে চলি থকা লক ডাউনৰ সময়ত  শ্ৰমিক, ঠেলা চালক, ৰিক্সা চালক সহ দুখীয়া মানুহ সকলৰ যাতে খাদ্য সামগ্ৰীৰ কোনো অভাৱ নহয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক  ব্যৱস্থা গ্ৰহণ কৰিছে। ৰঙিয়া চহৰৰ বিভিন্ন  ওৱাৰ্ডৰ দুখীয়া বাসিন্দা সকলৰ মাজত কাইলৈৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰঙিয়া মহকুমা অসামৰিক যোগান বিভাগৰ সূত্ৰ অনুসৰি কাইলৰ পৰা ৰঙিয়াৰ বিভিন্ন ওৱাৰ্ডৰ দুখীয়া লোক সকলৰ পৰিয়ালৰ প্ৰত্যেককে প্ৰতিদিনে গাইপতি ৫০০ গ্ৰাম চাউল, ১০০ গ্ৰাম দাইল, ৩০ মিঃলিঃ মিঠা তেল আৰু ৩০ গ্ৰামকৈ নিমখ সাত দিনৰ বাবে বিতৰণ কৰা হব। ইয়াৰ বাবে ইতিমধ্যে ৰঙিয়াত ১০৩ কুইন্টল ১০ কেজি চাউল, ২০ কুইন্টল ১৬১ কেজি দাইল, ৬১৮ লিটাৰ মিঠাতেল আৰু ৬ কুইন্টল ১৮ কেজি নিমখ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত মজুত কৰি ৰখা হৈছে। দুখীয়া লোক সকলৰ  লক ডাউনৰ সময়ত যাতে  খাদ্যৰ  নাটনি নহয় তাৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰা বুলি অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক হৰগোবিন্দ দাস লগতে  নৃপেন  কুমাৰ দাস আৰু দীনেশ তালুকদাৰে জানিবলৈ দিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা